ETV Bharat / state

মৰাণ সমষ্টিৰ ৰাংচালি পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Dec 19, 2020, 4:04 PM IST

অভিযোগ অনুসৰি পঞ্চায়তটোৰ উন্নয়নৰ বাবে অহা লক্ষ লক্ষ টকা সঠিক ভাৱে ব্যৱহাৰ নহয় । এই ক্ষেত্ৰত স্থানীয় ৰাইজে আঙুলিয়াইছে পঞ্চায়ত সচিব দিলীপ বৰুৱালৈ । সচিবজনে পঞ্চায়তৰ পথ নিৰ্মাণকে ধৰি প্ৰতিটো কাম আধৰুৱা কৰি দায়িত্ব সামৰিব বিচাৰে ।

মৰাণ সমষ্টিৰ ৰাংচালি পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ
মৰাণ সমষ্টিৰ ৰাংচালি পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

মৰাণ,19 ডিচেম্বৰঃ মৰাণ সমষ্টিৰ ৰাংচালি পঞ্চায়তত প্ৰতিটো উন্নয়ন মূলক কামতে বেমেজালি সৃষ্টি হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই সন্দৰ্ভত মৰাণৰ এটা সাংবাদিকৰ দল পঞ্চায়তটোত উপস্থিত হোৱাত পঞ্চায়তৰ কাম-কাজক লৈ ক্ষোভ প্ৰকাশ কৰে স্থানীয় একাংশ লোকে। অভিযোগ অনুসৰি পঞ্চায়তটোৰ উন্নয়নৰ বাবে অহা লক্ষ লক্ষ টকা সঠিক ভাৱে ব্যৱহাৰ নহয় । এই ক্ষেত্ৰত স্থানীয় ৰাইজে আঙুলিয়াইছে পঞ্চায়ত সচিব দিলীপ বৰুৱালৈ । সচিবজনে পঞ্চায়তৰ পথ নিৰ্মাণকে ধৰি প্ৰতিটো কাম আধৰুৱা কৰি দায়িত্ব সামৰিব বিচাৰে ।

আন এক অভিযোগ অনুসৰি চৰ্তুদশ বিত্তীয় আয়োগ ২০১৮-১৯ বৰ্ষৰ অধীনত ১ নং দুলিয়া লাহোৱাল ভাটিচুকৰ এটা অংগনবাদী চেণ্টাৰ ৰিপেয়াৰিঙৰ বাবে অনুমোদিত ২ লাখ টকাৰ কামৰ নামত সচিবজনে পূৰ্বতে নিৰ্মাণ হৈ থকা গৃহটো ৰং কৰাৰ লগতে চাৰিবেৰৰ ফেন্সিঙৰ কামহে কৰে । যিটো কামত বুজন পৰিমাণৰ ধন ৰাহি হ'ল বুলি ৰাইজে উল্লেখ কৰিছে । কেৱল ইমানেই নহয়, পঞ্চায়তত অনুষ্ঠিত হোৱা গাঁওসভা বিলাকটো ৰাইজক মন্তব্য দাঙি ধৰিবলৈ সুবিধা নিদিয়ে বুলি সাংবাদিকক জনায় । মুঠৰ ওপৰত পঞ্চায়ত সচিবজনে একনায়কত্ববাদ চলাইছে পঞ্চায়তটোত । এই ক্ষেত্ৰত স্থানীয় বিধায়কজনেও কোনো গুৰুত্ব নিদিয়ে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । সেয়ে পঞ্চায়তটোৰ উন্নয়ণৰ স্বাৰ্থত সচিবজনৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় সচেতন মহলে ।

লগত পঢ়েকঃ কৃষক বিদ্ৰোহক লৈ প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ চিদাম্বৰমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.