ETV Bharat / state

ৰাজ্যজুৰি অব্যাহত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Oct 5, 2020, 8:07 PM IST

সমগ্ৰ ৰাজ্যতে কংগ্ৰেছে অব্যাহত ৰাখিছে উত্তাল প্ৰতিবাদ ৷ SI নিযুক্তি কেলেংকাৰী আৰু উত্তৰ প্ৰদেশত সংঘটিত হোৱা গণধৰ্ষণক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে ৰূপায়ন কৰিছে বিশাল প্ৰতিবাদী কাৰ্যসূচী ৷

Congress protest continue in Assam
ৰাজ্যজুৰি অব্যাহত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

মৰিগাঁও,5 অক্টোবৰ: সোমবাৰৰ দিনটোতো ৰাজ্যজুৰি অব্যাহত আছে কংগ্ৰেছৰ প্ৰতিবাদ ৷ মৰিগাঁও বিহুতলীত SI নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে মৰিগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত উত্তাল প্ৰতিবাদ । প্ৰতিবাদী কাৰ্যসূচীত নগাঁও সাংসদ প্ৰদ্যুত বৰদলৈ আৰু লাহৰীঘাটৰ বিধায়ক ডাঃ নজৰুল ইছলামে অংশ লৈ এই কেলেংকাৰী মুখ্যমন্ত্ৰীৰ কাৰ্যলায়ৰ পৰা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে ।

Congress protest in Morigaon
মৰিগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

নলবাৰী: বিগত প্ৰায় 5 বছৰত বিভিন্ন চাকৰিৰ নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে নলবাৰীত কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী সমদল । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে নলবাৰীৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ গণেশ মন্দিৰৰ পৰা জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ পদ যাত্ৰা উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷

Congress protest in Nalbari
নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদ

বৰপেটা: শেহতীয়া SI পৰীক্ষাৰ কেলেংকাৰীক লৈ বৰপেটাতো কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ ৷ সৰুক্ষেত্ৰীৰ কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত কংগ্ৰেছে ৰাজীৱ ভৱনৰ পৰা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰে ৷

Congress protest in Barpeta
বৰপেটাত কংগ্ৰেছৰ প্ৰতিবাদ

ধুবুৰী: ধুবুৰীত কংগ্ৰেছৰ প্ৰতিবাদস্থলীত উত্তপ্ত পৰিস্থিতি। SI নিযুক্তি কেলেংকাৰীত চিবিআইৰ তদন্তৰ দাবীৰে কংগ্ৰেছৰ জিলা আৰক্ষী অধীক্ষক কাৰ্য্যালয় ঘেৰাও কাৰ্যসূচীত বাধা প্ৰদান কৰে আৰক্ষীয়ে । লগতে আটক কৰে শতাধিক কংগ্ৰেছ কৰ্মীক ।

Congress protest in Dhubri
ধুবুৰীত কংগ্ৰেছৰ প্ৰতিবাদ

দৰং: SI কেলেংকাৰী আৰু উত্তৰ প্ৰদেশত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক অপদস্থ কৰাৰ বিৰুদ্ধে দৰং জিলা কংগ্ৰেছে মঙলদৈ চহৰত এক বিশাল প্ৰতিবাদী ৰেলী উলিয়ায় ৷ জিলা ৰাজীৱ ভৱনৰ পৰা আৱৰ্ত ভৱন পোৱাৰ সময়তে 144 ধাৰা অমান্য কৰাৰ অপৰাধত দৰং আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি ভেবাঘাটৰ ৰাজহুৱা খেলপথাৰলৈ লৈ যায় ৷

Congress protest in Darrang
দৰঙত কংগ্ৰেছৰ প্ৰতিবাদ

শিৱসাগৰ: শিৱসাগৰতো কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ । বিজেপি চৰকাৰৰ বিভিন্ন অনিয়মৰ প্ৰতিবাদত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰাৰ প্ৰয়াস কৰে কংগ্ৰেছ প্ৰতিবাদীসকলে । আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা 100 মিটাৰ দূৰৈত বেৰিকেড স্থাপন কৰি প্ৰতিবাদ ৰোধৰ চেষ্টা কৰে আৰক্ষীয়ে ৷

Congress protest in Sivasagar
শিৱসাগৰত কংগ্ৰেছৰ প্ৰতিবাদ

নগাঁও: নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি । SI পৰীক্ষাৰ কেলেংকাৰী আৰু কৃষক বিৰোধী কৃষক আইন বাতিলৰ দাবীৰে সাব্যস্ত কৰা প্ৰতিবাদত আৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত হয় কংগ্ৰেছ কৰ্মীসকল ৷ আনহাতে,বিধায়ক ৰকিবুল হুছেইনে কান্ধত নাঙল লৈ আৰু প্ৰাক্তন বিধায়ক দূৰ্লভ চমুৱাই যুৱলি লৈ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে ৷

Congress protest in Nagaon
নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

কৰিমগঞ্জ: কৰিমগঞ্জত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন ৷ SI নিযুক্তিৰ কেলেংকাৰী সন্দৰ্ভত চিবিআইৰ তদন্তৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেচ কৰ্মীসকলে ৷

Congress protest in Karimganj
কৰিমগঞ্জত কংগ্ৰেছৰ প্ৰতিবাদ

হাইলাকান্দি: SI নিযুক্তি কেলেংকাৰীক লৈ জাঙুৰ খাই উঠিছে হাইলাকান্দি জিলা কংগ্ৰেছ ৷ হাইলাকান্দিৰ ৰাজপথত প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা দুই শতাধিক কংগ্ৰেছ কৰ্মীক আটক কৰে আৰক্ষীয়ে ৷

Congress protest in Hailakandi
হাইলাকান্দিত কংগ্ৰেছৰ প্ৰতিবাদ

ৰঙিয়া: ৰঙিয়াত অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদত উত্তাল ৰঙিয়া থানা চৌহদ । চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তপ্ত হৈ পৰে সমগ্ৰ ৰঙিয়া ৷ SI নিযুক্তি কেলেংকাৰীৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অবস্থাতে চেপ্তিত আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীসকলক ।

Congress protest in Rangia
ৰঙিয়াত কংগ্ৰেছৰ প্ৰতিবাদ

যোৰহাট: যোৰহাটতো একেই বিষয়বস্তু লৈ জাতীয় কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ । দিবন ডেকাক গ্ৰেপ্তাৰ কৰিলেই নহ’ব,কেলেংকাৰীৰ সৈতে জড়িত ৰৌ,বৰালিকো গ্ৰেপ্তাৰ কৰিব লাগিব বুলি দাবী উত্থাপন কৰে কংগ্ৰেছ কৰ্মীসকলে ৷

Congress protest in Jorhat
যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদ

তিনিচুকীয়া: তিনিচুকীয়াত আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ন শতাধিক কংগ্ৰেছ কৰ্মীৰ । শিক্ষাৰ্থীৰ জীৱনক লৈ বিজেপি চৰকাৰে হেতালি খেলাৰ অভিযোগ তুলি সৰৱ হৈ পৰিছে কংগ্ৰেছ।

Congress protest in Tinsukia
তিনিচুকীয়াত কংগ্ৰেছৰ প্ৰতিবাদ

বৰমা: বাক্সা জিলাতো কংগ্ৰেছৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও ৷ পি.কে.দত্ত,দিবন ডেকাৰ দৰে ব্যক্তিক জগৰীয়া কৰিলেএ নহ’ব এই ক্ষেত্ৰত বিজেপি নেতা-পালিনেতাও জড়িত থকাৰ কথা ব্যক্ত কৰে কংগ্ৰেছে ৷

Congress protest in Baksa
বাক্সাত কংগ্ৰেছৰ প্ৰতিবাদ

ডিমা হাছাও: SI নিযুক্তি কেলেংকাৰীৰ প্ৰতিবাদত উত্তাল হাফলং চহৰ । আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ । শীঘ্ৰেই SI কেলেংকাৰী সন্দৰ্ভত চিবিআইৰ তদন্তৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

Congress protest in Dima Hasao
ডিমা হাছাওত কংগ্ৰেছৰ প্ৰতিবাদ

গোলাঘাট: গোলাঘাটত কংগ্ৰেছে সাব্যস্ত কৰা প্ৰতিবাদত আৰক্ষীৰ দলে মাজবাটতে বাধা প্ৰয়োগ কৰে,যাৰ ফলত কংগ্ৰেছ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি হয় । কংগ্ৰেছ নেতা-কৰ্মী সকলে বিজেপি চৰকাৰ হায় হায়,সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ,অসম পুলিচ গ'বেক আদি প্ৰতিবাদী শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

Congress protest in Golaghat
গোলাঘাটত কংগ্ৰেছৰ প্ৰতিবাদ

হোজাই: হোজাইৰ শংকৰদেৱ নগৰত জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ । SI পৰীক্ষাৰ ন্যায়িক তদন্ত বিচাৰি আৰু সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ আসন পদত্যাগৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে ৷

Congress protest in Hojai
হোজাইত কংগ্ৰেছৰ প্ৰতিবাদ

ডিফু: ৰাজ্য কঁপোৱা SI পৰীক্ষা কেলেংকাৰীৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে ডিফুস্থিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে কাৰ্বি আংলং জিলা কংগ্ৰেছে ৷ কংগ্ৰেছ কাৰ্যালয়ৰ পৰা জিলা কংগ্ৰেছ,জিলা মহিলা কংগ্ৰেছ,এনএছইউআই,সেৱাদলে এক সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷

Congress protest in Diphu
ডিফুত কংগ্ৰেছৰ প্ৰতিবাদ

ধেমাজি: কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল ধেমাজি ৷ চৰকাৰ বিৰোধী শ্ল’গানেৰে মুখৰিত ধেমাজি সদৰ ৷ ইন্দিৰা ভৱনৰ পৰা জিলা কংগ্ৰেছৰ দীঘলীয়া সমদলেৰে SI পদৰ নিযুক্তি পৰীক্ষাত সংঘটিত বিয়াগোম কেলেংকাৰীৰ তীব্ৰ প্ৰতিবাদ জনায় ধেমাজি কংগ্ৰেছে ৷

Congress protest in Dhemaji
ধেমাজিত কংগ্ৰেছৰ প্ৰতিবাদ

ডিব্ৰুগড়: উত্তৰ প্ৰদেশৰ দেশ গণধৰ্ষণ কাণ্ডৰ প্ৰতিবাদত ডিব্ৰুগড়ত উতপ্ত পৰিস্থিতি । আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ যোৱা অৱস্থাত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত প্ৰচণ্ড হতাহতি । আৰক্ষীয়ে আটক কৰে তিনি শতাধিক কংগ্ৰেছ কৰ্মীক ।

Congress protest in Dibrugarh
ডিব্ৰুগড়ত কংগ্ৰেছৰ প্ৰতিবাদ

লগতে পঢ়ক: ধুবুৰী জিলাৰ ১৫৩ হিতাধিকাৰীক ভূমিপট্টা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.