ETV Bharat / state

বিজেপি চৰকাৰে অসমক জিৰ' বনালে : ড০ কাথি ভেংকটস্বামী - ৰাজীৱ ভৱনত অনুষ্ঠিত

বুধবাৰে ডিব্ৰুগড়ৰ জিলা কংগ্ৰেছ কমিটিৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদ মেলত ড০ কাথি ভেংকটস্বামীয়ে কয়, বিগত ২০১৫ চনৰ আগৰ অসমৰ উন্নয়নৰ অৱস্থা আৰু তাৰ পিছত উন্নয়নৰ অৱস্থা ক্ষেত্রত চৰকাৰে মুকলি তৰ্ক অনুষ্ঠিত কৰক । য'ত ৰাজ্যৰ কংগ্ৰেছৰ নেতাৰ লগতে ভেংকটস্বামীয়েও অংশগ্ৰহণ কৰিব বুলি বিজেপিক মুখ্যমন্ত্ৰীৰ গৃহ নগৰৰ পৰা প্ৰত্যাহ্বান জনাই কংগ্ৰেছে ।

বিজেপি চৰকাৰে অসমক জিৰ' বনালে:ড০ কাথি ভেংকটেশ্বস্বামী

author img

By

Published : Dec 16, 2020, 8:54 PM IST

ডিব্ৰুগড়,16 ডিচেম্বৰ : কংগ্ৰেছে অসমক শূন্যৰ পৰা হিৰ’ বনাইছিল কিন্তু বিজেপি চৰকাৰে সকলোতে স্তব্ধ কৰি জিৰ' বনালে ৷ এই অভিযোগ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অবিচি বিভাগৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা উত্ত-পূৰ্বাঞ্চলৰ প্ৰভাৰী ড০ কাথি ভেংকটস্বামীৰ । বুধবাৰে ডিব্ৰুগড়ৰ জিলা কংগ্ৰেছ কমিটিৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদ মেলত তেওঁ কয়, বিগত ২০১৫ চনৰ আগৰ অসমৰ উন্নয়নৰ অৱস্থা আৰু তাৰ পিছত উন্নয়নৰ অৱস্থা ক্ষেত্রত চৰকাৰে মুকলি তৰ্ক অনুষ্ঠিত কৰক । য'ত ৰাজ্যৰ কংগ্ৰেছৰ নেতাৰ লগতে ভেংকটস্বামীয়েও অংশগ্ৰহণ কৰিব বুলি বিজেপিক মুখ্যমন্ত্ৰীৰ গৃহ নগৰৰ পৰা প্ৰত্যাহ্বান জনাই কংগ্ৰেছে ।

বিজেপি চৰকাৰে অসমক জিৰ' বনালে

বিজেপিয়ে অসমত তদানীন্তন প্ৰধান মন্ত্ৰী মনমোহন সিং কংগ্ৰেছ চৰকাৰে দিয়া পুঁজিৰে প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে কৰি যোৱা উন্নয়নত কেৱল ৰং দি বাহ বাহ লোৱা বাদে কি উন্নয়ন কৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে । বৰ্তমান প্ৰধানমন্ত্ৰী মোডীয়ে আনৰ পৰা নেতা আমদানী কৰা বাদে অন্য বিশেষ কাম কৰা দৃষ্টিত নপৰে বুলি কৈ নিজৰ একো নাই বিজেপিৰ, আনৰ পৰা ব্লেকমেইলিং কৰি নি চলি আছে বুলি কৈ আৰু কিমান দিন এনেদৰে চলিব বুলি কয় ।

একেদৰে কংগ্ৰেছ চৰকাৰে দি যোৱা পুঁজিৰে নিৰ্মাণ কৰা দলঙ উন্মোচন কৰি গামোচাৰ পিন্ধি ফটো মাৰিলেই উন্নয়ন নহয়। উত্ত-পূৰ্বাঞ্চলৰ বিভিন্ন চৰকাৰী বিভাগত বহু অ’বিচি নিবনুৱা কি বঞ্চিত হ’বলগীয়া হৈছে বুলি আন এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় নেতাজনে । সংবামেলত ৰাজ্যিক সভাপতি নোমল বৰা, প্ৰাক্তন মন্ত্রী এতোৱা মুণ্ডা, জিলা কংগ্ৰেছৰ সম্পাদক ৰঞ্জিত বৰুৱা, ৰাজকুমাৰ নীলনেত্ৰ নেওগ সহিতে দলীয় নেতাসকল উপস্থিত থাকে।

লগতে পঢ়কঃ আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান লুৰিণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.