ETV Bharat / state

সোণোৱালৰ বচন: কংগ্ৰেছে চূৰমাৰ কৰা শাসন ব্যৱস্থালৈ মোদীয়ে আনিলে বৈপ্লৱিক জোৱাৰ - Good Governance Day

Sarbananda Sonowal in Dibrugarh: সু-শাসন দিৱসৰ অনুষ্ঠানত অংশ লৈ কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ দেশৰ শাসন ব্যৱস্থাক কংগ্ৰেছে ভাঙি-ছিঙি চূৰ্চুমৈ কৰা বুলি ক’লে মন্ত্ৰীগৰাকীয়ে ৷

Sarbananda Sonowal in Dibrugarh
Governance system in India
author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 8:47 PM IST

কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা

মৰাণ, 25 ডিচেম্বৰ: ডিব্ৰুগড়ত ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত অনুষ্ঠিত প্ৰয়াত প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে অনুষ্ঠিত সু-শাসন দিৱসত অংশগ্ৰহণ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । দুদিন পূৰ্বে কংগ্ৰেছে 60 বছৰত গৰীবি আঁতৰাব নোৱাৰিলে বুলি কটাক্ষ কৰা সোণোৱালে এইবাৰ পুনৰ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

কেন্দ্ৰীয় মন্ত্ৰীজনে কয়, ‘‘কংগ্ৰেছে 20 লাখ কোটি টকা দুৰ্নীতি কৰাৰ বাবেই এতিয়া ধৰাশায়ী হৈছে । মানুহে কংগ্ৰেছৰ চৰিত্ৰ দেখিলে । কংগ্ৰেছে যিমান ডাঙৰ ডাঙৰ কথা ক'লেও, পদযাত্ৰা কৰিলেও ৰাইজে আৰু সুযোগ নিদিয়ে । ৰাইজে 60 বছৰ সুযোগ দিছিল কংগ্ৰেছক ৷ কিন্তু দৰিদ্ৰ জনগণৰ বাবে কংগ্ৰেছে একো কৰিব নোৱাৰিলে । দুৰ্নীতি কৰি শাসন ব্যৱস্থাটোকে ভাঙি-ছিঙি শেষ কৰিলে ৷ সেয়ে মানুহে তেওঁলোকক প্ৰত্যাখান কৰিছে আৰু কেতিয়াও গ্ৰহণ নকৰে । ইয়াৰ পৰিৱৰ্তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখুৱাই দিলে সততা আৰু নিষ্ঠাৰে কাম কৰিলে দেশত কিমান বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰি ।’’

ৰাজনৈতিক মহলত চৰ্চা চলিছে যে 2024 ৰ লোকসভা নিৰ্বাচনত লখিমপুৰ বা ডিব্ৰুগড়ৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব সৰ্বানন্দ সোণোৱালে । যাৰ বাবে শেহতীয়াকৈ বিৰোধী কংগ্ৰেছৰ সমালোচনাত মুখৰ হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । পূৰ্বে সাংবাদিকে সুধি সুধি সৰ্বানন্দ সোণোৱালৰ মুখৰ পৰা উলিয়াব পৰা নাছিল ৰাজ্যৰ ৰাজনৈতিক মহলত আলোচনা হ’ব পৰা কথা । কিন্তু শেহতীয়াকৈ অন্য ৰূপত দেখা গৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ।

কংগ্ৰেছৰ লগতে আন বিৰোধী ৰাজনৈতিক দলৰ সমালোচনাই স্থান পাইছে সোণোৱালৰ ভাষণত । সোমবাৰে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালে বিৰোধী কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা দেখা যায় । নিজৰ ভাষণৰ লগতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপতো কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ৷

লগতে পঢ়ক: Su Sashan Divas celebrated: বাজপেয়ীক সুঁৱৰি সু-শাসন দিৱসত মোদীৰ জয়গান সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.