ETV Bharat / state

Municipality tax hike : পৌৰকৰ সংগ্ৰহক লৈ মৰাণ পৌৰসভা আৰু মৰাণ নগৰ কৰদাতা সংস্থাৰ মাজত সংঘাত

author img

By

Published : Mar 31, 2023, 10:14 PM IST

পৌৰকৰ সংগ্ৰহক কেন্দ্ৰ কৰি মৰাণ পৌৰসভা আৰু মৰাণ নগৰ কৰদাতা সংস্থাৰ সংঘাত ৷ মৰাণ পৌৰসভাৰ বিৰুদ্ধে নীতি বহিৰ্ভূতভাৱে কৰ সংগ্ৰহৰ অভিযোগ কৰদাতা সংস্থাৰ (Conflict between Moran Municipality and Moran Taxpayers Association) ৷

Municipality tax hike
পৌৰকৰ সংগ্ৰহক লৈ মৰাণত সংঘাত
পৌৰকৰ সংগ্ৰহক লৈ মৰাণত সংঘাত

মৰাণ, 31 মাৰ্চ : চৰাইদেউ জিলাৰ মৰাণ পৌৰসভা এলেকাত পৌৰকৰ সংগ্ৰহক কেন্দ্ৰ কৰি পৌৰপতি আৰু মৰাণ নগৰ কৰদাতা সংস্থাৰ মাজত সৃষ্টি হৈছে সংঘাত ৷ মৰাণ পৌৰসভাই নীতি বহিৰ্ভূতভাৱে পৌৰকৰ সংগ্ৰহ কৰাৰ অভিযোগ তুলি ইতিমধ্যে পৌৰকৰ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

মৰাণ পৌৰসভাই কোনো চৰকাৰী নিৰ্দেশনা নিদিয়াকৈয়ে পৌৰসভাৰ অন্তৰ্গত নতুন পাঁচটা ৱাৰ্ডত কৰ সংগ্ৰহ কৰাৰ জাননী জাৰি কৰাত ক্ষুদ্ধ হৈ পৰিছে কৰদাতা সংস্থা ৷ আনকি সংস্থাই যাৱতীয় নথিপত্ৰ বিচাৰি মৰাণ পৌৰসভাত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন জনাইছিল ৷ কিন্তু আবেদন জনোৱাৰ পাচতো পৌৰপতি অৰূপ দত্তই যাৱতীয় নথিপত্ৰ প্ৰদান কৰাৰ বিপৰীতে কৰদাতা সংস্থাৰ কৰ্মকৰ্তাক কাৰ্যালয়লৈ মাতি নি অভব্য আচৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৰদাতা সংস্থাৰ কৰ্মকৰ্তাসকলে ।

লগতে পঢ়ক : AASU Protest : পৌৰকৰ বৃদ্ধিৰ প্ৰতিবাদত শিৱসাগৰত আছুৰ প্ৰতিবাদ

ইয়াৰ পাচতে মৰাণহাটৰ টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি পৌৰপতিৰ কৰ্মকাণ্ডক গৰিহণা দিয়ে কৰদাতা সংস্থাই । লগতে বিশেষ সিদ্ধান্তলৈ নহালৈকে পৌৰকৰ প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মৰাণ নগৰ কৰদাতা সংস্থাই (Conflict between Moran Municipality and Moran Taxpayers Association) ।

আনহাতে, মৰাণ পৌৰসভাৰ মুঠ 11 টা ৱাৰ্ডৰ ভিতৰত 2011 চনত নতুনকৈ গঠন হোৱা পাঁচটা ৱাৰ্ডৰ বাসিন্দা সকলকো কৰ দিবলৈ আহ্বান জনাইছে ৷ আজি (শুকুৰবাৰে) মৰাণ পৌৰসভাৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি পৌৰপতি অৰূপ দত্তই নাগৰিকসকলক কৰ দিবলৈ আহ্বান জনায় । সংবাদ মাধ্যমৰ জৰিয়তে অহা এপ্ৰিল মাহৰ পৰাই সকলো কৰদাতাক কৰ দিবলৈ আহ্বান জনাইছে পৌৰপতিগৰাকীয়ে ৷

ইফালে পৌৰকৰ সংগ্ৰহকলৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ ইয়াৰ মাজতে অসম চৰকাৰে পৌৰ নিগম আৰু পৌৰসভা এলেকাৰ সকলো ধৰণৰ কৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন কৰ । নতুন কৰ হাৰত সম্পত্তি কৰ পূৰ্বতকৈ কেইবাগুণে বৃদ্ধি পাব ।

লগতে পঢ়ক : NHAI Toll Tax : পহিলা এপ্ৰিলৰ পৰা টোল কৰৰ মাধমাৰ ৰাজ্যবাসীৰ ওপৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.