ETV Bharat / state

বৃদ্ধ দম্পতীক বাসগৃহ উপহাৰ ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ - জকাই বৰবিলৰ এটি অসহায় বৃদ্ধ দম্পতী

ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতো প্ৰতিটো মূহুৰ্ততে নিজ কৰ্তব্যত ব্যস্ত হৈ আছে সাংবাদিক সকলে ৷ কিন্তু কেৱল মাত্ৰ সংবাদ যুগুটোৱাতেই ব্যস্ত হৈ নাথাকি সমাজৰ হিতৰ বাবে আন কিছু কামো কৰি আহিছে সাংবাদিক সকলে ৷ ইয়াৰ মাজতে এক প্ৰশংসনীয় পদক্ষেপেৰ ৰাইজৰ সমাদৰ লাভ কৰিছে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই ৷

commendable-steps-taken-by-dibrugarh-district-journalists-protection-forum
বৃদ্ধা দম্পতিক বাসগৃহ উপহাৰ ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ
author img

By

Published : Jul 12, 2021, 10:19 PM IST

ডিব্ৰুগড়, 12 জুলাই : ক'ভিড সৃষ্ট আতংকময় পৰিৱেশৰ মাজতে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই গ্ৰহণ কৰিলে এক প্ৰশংসনীয় পদক্ষেপ ৷ কেৱল সংবাদ যুগুটোৱাতেই ব্যস্ত হৈ নাথাকি সমাজৰ পৰা অৱহেলিত বৃদ্ধ দম্পতীৰ কাষত থিয় হৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই ৷ সুদীৰ্ঘ বছৰ ধৰি এক জৰাজীৰ্ণ গোহালি সদৃশ বাসগৃহত বসবাস কৰি থকা বৃদ্ধ দম্পতীক নিৰ্মাণ কৰি দিলে এটা বাসগৃহ ৷ কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এই দম্পতীক গাঁঠিৰ ধনেৰে বাসগৃহটো নিৰ্মাণ কৰি দিলে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সদস্য সকলে ৷

উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ জকাই গাঁও পঞ্চায়তৰ অন্তৰ্গত জকাই বৰবিলৰ এটি বৃদ্ধ দম্পতীয়ে দীৰ্ঘদিনৰ পৰা এটা জৰাজীৰ্ণ বাসগৃহতে জীৱন নিৰ্বাহ কৰি আহিছিল ৷ এই বাতৰি সংবাদমাধ্যমত প্ৰচাৰ হোৱাৰ পাছতো চৰকাৰ তথা পঞ্চায়ত প্ৰতিনিধিৰ কোনো দৃষ্টি পৰা নাছিল ৷ যাৰ বাবে বৃদ্ধ দম্পতীৰ জৰাজীৰ্ণ গোহালি সদৃশ বাসগৃহটো কোনো চৰকাৰী আঁচনি গ্ৰহণ নকৰাকৈয়ে মেৰামতি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছল ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই ৷ অৱশেষত প্ৰতিশ্ৰুতি মতেই বৃদ্ধ দম্পতীক ঘৰটো মেৰামতি কৰি দিলে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই ৷

বৃদ্ধা দম্পতিক বাসগৃহ উপহাৰ ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ

নতুনকৈ মেৰামতি কৰা বাসগৃহতো ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই দেওবাৰে আনুষ্ঠানিকভাৱে অৰ্পণ কৰে গৃহস্থক ৷ কথা মতেই যে কাম তাকেই প্ৰতিপন্ন কৰিলে সাংবাদিক সংগঠনটোৱে ৷

কেৱল মাত্ৰ দৰিদ্ৰ লোকৰ গৃহ নিৰ্মাণেই নহয় সমাজৰ শিক্ষা, সংস্কৃতিৰ লগত জড়িত প্ৰত্যেক জন ব্যক্তিক সহায় সহযোগিতা আগবঢ়াই এক সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ বুলিও অৱগত কৰে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সম্পাদক প্ৰণৱ ডেকাবৰুৱাই ৷ এই অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি দিবাকৰ দত্ত, উপ-সভাপতি ধন্টি শইকীয়া প্ৰমুখ্য কৰি উমাকান্ত বৰুৱা, ৰাজু সোণোৱাল, মহানন্দ দত্তকে ধৰি বিষয়ববীয়াসকল ৷

লগতে পঢ়কঃ বোৱাৰী পলুৱাই নিবলৈ আহি ৰঙাঘৰত যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.