ডিব্ৰুগড়, 21 জুন : আজি সমগ্ৰ দেশজুৰি পালন কৰা হৈছে অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস(International Yoga Day 2022) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে সমান্তৰালকৈ ডিব্ৰুগড়তো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়(International Yoga Day celebrate in Dibruargh) । ৰাজ্য চৰকাৰৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা এই যোগ দিৱসত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Sarma in Dibruargh) ৷
অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোগাভ্যাসৰ যোগেদি মানুহে শৰীৰ আৰু মন সুস্থ কৰি তুলিব পাৰিব বুলি উল্লেখ কৰে । আজিৰ এই অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বৰা আদিকে ধৰি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিধায়ক সকলে অংশগ্ৰহণ কৰে । 'মানৱতাৰ বাবে যোগ' ৰ্শীৰ্ষক থীম লৈ পুৱাৰ ভাগত আৰম্ভ হোৱা এই যোগ দিৱসত জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা প্ৰায় পাঁচ হাজাৰৰো অধিক যোগৰ অনুৰাগীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।
উল্লেখ্য যে, কৰ্ণাটক ভ্ৰমণৰ অন্তিম দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহীশূৰৰ পেলেচ গ্ৰাউণ্ডত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে । য'ত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ অনুষ্ঠানটোত প্ৰায় ১৫,০০০ লোকে প্ৰধানমন্ত্ৰীৰ সৈতে যোগাভ্যাস কৰে(Yoga Day celebrate in Karnataka Mysuru) । যোগৰ শুভাৰম্ভ কৰাৰ পূৰ্বে অনুষ্ঠানটোত উপস্থিত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশ আৰু বিশ্ববাসীক শুভেচ্ছা জ্ঞাপন কৰে ।
লগতে পঢ়ক : International Yoga Day : তেজপুৰত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন