ETV Bharat / state

টিংখাঙত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশাল অভিনন্দন সভা

author img

By

Published : Dec 9, 2020, 11:37 AM IST

বুধবাৰে টিংখাঙত উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে টিংখাং আৰক্ষী থানাৰ নৱ নিৰ্মিত মৈত্ৰী ভৱন উদ্বোধন কৰাৰ লগতে তদুপৰি টিংখাং সমষ্টিৰ পুনৰ নিৰ্মাণ আৰু নতুনকৈ নিৰ্মাণ কৰা বিদ্যালয় আৰু ৫৫ টা ধৰ্মীয় অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব ৷

cm-congratulations-meeting-at-tingkhong
টিংখাঙত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশাল অভিনন্দন সভা

টিংখাং,9 ডিচেম্বৰঃ বুধবাৰে টিংখাঙত উপস্থিত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে টিংখাং আৰক্ষী থানাৰ নৱ নিৰ্মিত মৈত্ৰী ভৱন উদ্বোধন কৰাৰ লগতে তদুপৰি টিংখাং সমষ্টিৰ পুনৰ নিৰ্মাণ আৰু নতুনকৈ নিৰ্মাণ কৰা বিদ্যালয় আৰু ৫৫ টা ধৰ্মীয় অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব ৷ ইয়াৰ বাবে সাজু কৰি তোলা হৈছে টিংখাং গান্ধী ময়দান ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশাল অভিনন্দন সভাত প্ৰায় 40 সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিব বুলি মন্তব্য কৰে বিধায়ক বিমল বৰাই ৷ একপ্ৰকাৰ এই সভাৰ জৰিয়তেই যেন 2021ৰ বিধানসভা নিৰ্বাচনৰ বাবেও ৰণশিঙা বজাব বিজেপি দলে ৷

আনহাতে, উদ্বোধনৰ প্ৰাকক্ষণত টিংখাং আৰক্ষী থানৰ নৱ নিৰ্মিত গৃহটো পৰ্যবেক্ষণ কৰে আৰক্ষীৰ উপ মহাপৰিদৰ্শক তথা অসম আৰক্ষীৰ গৃহ নিৰ্মাণ বিভাগৰ পৰিচালন সঞ্চালক অৰবিন্দ কলিতাই ৷ উপ মহাপৰিদৰ্শকগৰাকীয়ে এই সুন্দৰ পৰিৱেশৰ মাজেৰে এতিয়াৰে পৰা টিংখাঙৰ আৰক্ষী প্ৰশাসনে জনসাধাৰণৰ হকে সেৱা আগবঢ়াব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

লগতে পঢ়কঃ 19 বাংলাদেশীক পাৰাদ্বীপৰ পৰা উদ্ধাৰ ভাৰতীয় উপকূলৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.