ETV Bharat / state

খোৱাঙত গৰাখহনীয়া বিধ্বস্ত অঞ্চল পৰিদৰ্শন চক্ৰ বিষয়াৰ - দুৰ্নীতি সংঘটিত ঠাই পৰিদৰ্শন

খোৱাঙত গৰাখহনীয়া প্ৰতিৰোধৰ নামত দুৰ্নীতি সংঘটিত হোৱা ঠাই পৰিদৰ্শন কৰিলে চক্ৰ বিষয়াই ৷ পৰিদৰ্শন কৰি ইয়াৰ উচিত তদন্ত কৰা হ'ব বুলি ৰাইজক আশ্বাস দিলে চক্ৰ বিষয়া গৰাকীয়ে ৷

Circle officer of Moran visited erosion place of Khowang
খোৱাঙত গৰাখহনীয়া বিধ্বস্ত অঞ্চল পৰিদৰ্শন চক্ৰ বিষয়াৰ
author img

By

Published : Nov 5, 2020, 9:47 PM IST

মৰাণ,5 নৱেম্বৰঃ মৰাণ সমষ্টিৰ নাহৰণি গাওঁ পঞ্চায়তৰ অন্তৰ্গত খোৱাঙৰ বেজগাঁ‌ৱত ডিমৌ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আবণ্টিত ধন ঠিকাদাৰে আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতে বৃহস্পতিবাৰে সেই ঠাই পৰিদৰ্শন কৰিলে মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া লুকুমণি বৰাই ।

Circle officer of Moran visited erosion place of Khowang
খোৱাঙত গৰাখহনীয়া বিধ্বস্ত অঞ্চল পৰিদৰ্শন চক্ৰ বিষয়াৰ

টাই আহোম যুৱ পৰিষদ, অসম (টাইপা) খোৱাং আঞ্চলিক সমিতিয়ে অলপতে এই দুৰ্নীতিৰ এক উচিত তদন্ত কৰি ঠিকাদাৰৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মৰাণ ৰাজহ চক্ৰ বিষয়াক এক স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে স্থানীয় ৰাইজেও ইয়াৰ উচিত তদন্তৰ দাবী কৰিছিল।

সংগঠনটোৰ লগতে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি খোৱাঙৰ ডিমৌ নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত প্ৰায় ২০ লাখ টকা আবণ্টন দিয়া হৈছিল । কিন্তু বিভাগীয় ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰে কাম সম্পাদন কৰি সমুদায় ধন আত্মসাৎ কৰিলে । যাৰ ফলত গৰাখহনীয়াৰ ভয়াবহতাত নৈ কাষৰীয়া ৰাইজ শংকিত হৈ পৰিছে ।

সংগঠনটোৱে লগতে বিষয়টো উচিত তদন্ত কৰি দোষী ঠিকাদাৰৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ডিমৌ নদী গৰাখহনীয়াৰ সমস্যাটো স্থায়ী সমাধানৰ দাবী জনাইছিল । সেই অভিযোগৰ ভিত্তিতেই আজি মৰাণ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে উক্ত গৰাখহনীয়া এলেকা পৰিদৰ্শন কৰে আৰু ৰাইজৰ উপস্থিতিত বিষয়া গৰাকীয়ে ইয়াৰ এক তদন্ত কৰা হ'ব বুলি ৰাইজক আশ্বাস দিয়ে। ইফালে বিষয়া গৰাকীয়ে ক্ষীপ্ৰতাৰে লোৱা এই পদক্ষেপক ৰাইজে শলাগ লৈছে ।

লগতে পঢ়কঃ কোন বিধায়কৰ ঘৰৰ সন্মুখত ই-ৰিক্সা চালকে কৰিলে প্ৰতিবাদ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.