ETV Bharat / state

ডিব্ৰুগড়ত উদযাপন 72 সংখ্যক গণৰাজ্য দিৱস

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷

chandra-mohan-patowari-hosted-flag-at-republic-day-of-dibrugarh
ডিব্ৰুগড়ত উদযাপন 72 সংখ্যক গণৰাজ্য দিৱস
author img

By

Published : Jan 26, 2021, 4:07 PM IST

Updated : Jan 26, 2021, 4:39 PM IST

ডিব্ৰুগড়, 26 জানুৱাৰী : ডিব্ৰুগড়ত ৭২ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।ডিব্ৰুগড় চৌকিডিঙী খেলপথাৰত ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী গৰাকীয়ে পতাকা উত্তোলন কৰি আৰক্ষী, অৰ্ধসামৰিক বাহিনী,স্কোউড-গাইড, NCC আদিৰ অভিবাদন গ্ৰহণ কৰে ।

ডিব্ৰুগড়ত উদযাপন 72 সংখ্যক গণৰাজ্য দিৱস

ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে চৰকাৰৰ বিভিন্ন আচনিৰ সন্দৰ্ভত উল্লেখ কৰা লগতে ডিব্ৰুগড় জিলা উন্নয়নৰ আচনিৰ বিষয়ে বক্তব্য ৰাখে । আনহাতে, ডিব্ৰুগড় জিলাত ভাৰত বৰ্ষৰ ভিতৰত প্ৰথম খন দিব্যাংগ সকলৰ বাবে ITI স্থাপনৰ কাম চলি থকা বুলি মন্তব্য কৰে ।

উল্লেখ যোগ্য যে, গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ সাংবাদিক ৰাতুল বুঢ়াগোহাঁই আৰু নাহৰকটীয়াৰ সাংবাদিক বুলন কুমাৰ শইকীয়া আৰু জেষ্ঠ সাংবাদিক প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তীসহ কেইবাজনো বিভিন্ন ক্ষেত্ৰৰ লগত সংগতি থকা ব্যক্তিক সম্বৰ্ধিত কৰে ।

লগতে পঢ়ক : জয় হিন্দ: ইটিভি ভাৰত আৰু চিআৰপিএফৰ সৈতে গণৰাজ্য দিৱস বিশেষ

Last Updated : Jan 26, 2021, 4:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.