ETV Bharat / state

মুখ্যমন্ত্ৰীৰ ঘৰৰ কাষৰ পৰাই গৰু লৈ উধাও চোৰ - গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ

গৰু চুৰি চক্ৰ উৎখাত কৰাৰ ক্ষেত্ৰত ৰহস্যজনকভাৱে বিফল হৈছে আৰক্ষী । উজনিৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পাৰৰ পৰাও বগীবিল দলঙৰ ওপৰেদি নিশাৰ ভাগত সৰবৰাহ হয় গৰু ভৰ্তি ট্ৰাক । বিগত কেইদিনত ডিব্ৰুগড় নগৰৰ পৰাই নাইকিয়া হৈছে বহু গৃহস্থৰ গোহালিৰ গৰু । ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ গৃহৰ নিচেই কাষতে দপদপনি গৰু চুৰি চক্ৰৰ ।

cattle smuggling
cattle smuggling
author img

By

Published : Jul 18, 2020, 8:30 AM IST

ডিব্ৰুগড়, 18 জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়টো বৃদ্ধি পাবলৈ ধৰিছে গৰু চুৰি ঘটনা । মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে ডিব্ৰুগড়ত আবেলি ৫ বজাৰ পৰা পুৱা ৫ বজালৈকে তথা সান্ধ্য আইন প্ৰদান কৰা হৈছে ৷ তাৰ মাজতেই সংঘটিত হৈছে অত্যাধিক গৰু চুৰিৰ ঘটনা। নিশাৰ ভাগত গৰু,কয়লা,কাঠ সৰবৰাহৰ ক'ৰিডৰলৈ ৰূপান্তৰিত হয় ৰাষ্ট্ৰীয় ঘাইপথ ।

গৰু চুৰি চক্ৰ উৎখাত কৰাৰ ক্ষেত্ৰত ৰহস্যজনকভাৱে বিফল হৈছে আৰক্ষী । উজনিৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পাৰৰ পৰাও বগীবিল দলঙৰ ওপৰেদি নিশাৰ ভাগত সৰবৰাহ হয় গৰু ভৰ্তি ট্ৰাক । বিগত কেইদিনত ডিব্ৰুগড় নগৰৰ পৰাই নাইকিয়া হৈছে বহু গৃহস্থৰ গোহালিৰ গৰু । খেতিৰ ভৰপকৰ সময়তেই গোহালি উদং কৰি খেতিয়কৰ সপোন ভাঙি চোৰে লৈ গৈছে বলধ । অৱশ্যে ডিব্ৰুগড় লাহোৱাল আৰক্ষীয়ে এক অভিযান চলাই বৃহস্পতিবাৰে এখন গৰু ভৰ্তি ব'লেৰ পিক্ আপ ভান আৰু ছেন্ট্ৰ' বাহন জব্দ কৰাৰ লগতে ৯ টা গৰু জব্দ কৰিবলৈ সক্ষম হয়।

আনহাতে ডিব্ৰুগড়ৰ নালিয়াপুলৰ এজন লোকৰ ছটাকৈ গৰু চুৰি হয় যদিও গাভৰুপথাৰ আৰক্ষীয়ে গোচৰ গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ ডিব্ৰুগড়ত দিনক দিনে বৃদ্ধি পোৱা গৰু চুৰি চক্ৰ উৎখাত কৰাৰ বিপৰীতে গৃহস্থই গৰু চুৰি সংক্ৰান্তত গোচৰ তৰিবলৈ যাওতে উলোটাই আৰক্ষীয়ে গৰু চুৰি সন্দৰ্ভত কাকো অৱগত নকৰিবলৈ কোৱা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছে আছু তথা সচেতন সংগঠনে।

cattle smuggling
মুখ্যমন্ত্ৰীৰ গৃহৰ কাষৰ পৰাই গৰু লৈ উধাও চোৰ

উল্লেখযোগ্য, ধাৰাবাহিক গৰু চুৰিৰ বাতৰি সম্প্ৰচাৰ হোৱা পাচত এটা গোচৰৰ ভিত্তিত মাজনিশা আৰক্ষীয়ে ধুবুৰীত এজন সাংবাদিক গ্ৰেপ্তাৰ কৰিছিল । দুৰ্নীতি-অনিয়ম উদঙাই দিয়াৰ পাচত উচিত তদন্ত নকৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কণ্ঠ ৰুধ কৰাৰ চেষ্টা চলোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰী সোণোৱালৰ গৃহ নগৰটো সংঘটিত হৈ থকা গৰু ছিণ্ডিকেট চক্ৰ উৎখাত কৰাৰ দাবী জনাই সচেতন নাগৰিকে । ইফালে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ গৃহৰ নিচেই কাষতে দপদপনি গৰু চুৰি চক্ৰৰ ।

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী বাসগৃহৰ সন্মুখত দিনে-নিশাই আৰক্ষী নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকাৰ সময়তে প্ৰায় সন্মুখৰ পদুলিত শুই থকা গৰু লৈ উধাও হ'ল গৰু চোৰ।লগতে সেই অঞ্চলতে পূৰ্বে প্ৰত্যক্ষদৰ্শীক চোৰে মাৰণাস্ত্ৰ দেখুৱাই পলায়ন কৰাৰো গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে । যোৱানিশা মুখ্যমন্ত্ৰী লক্ষীনগৰ স্থিত গৃহৰ সমীপৰ পৰা নম্বৰ প্লেট বিহীন বিলাসী বাহনত পথৰ পৰা গৰু লৈ উধাও হয় চোৰ যাক একাংশ স্থানীয়ই প্ৰত্যক্ষ কৰে । এই ঘটনাক লৈও তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : গুটখা হ'ব পাৰে নেকি গণ সংক্ৰমণৰ কাৰক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.