মৰাণ, ২ ফেব্ৰুৱাৰী: নদীপ্ৰধান ৰাজ্য অসমৰ বিভিন্ন ঠাইত আজিও দলঙৰ অভাৱ (Demand for bridge in Assam) ৷ চৰকাৰে বাট-পথৰ উন্নতি হোৱা বুলি দাবী কৰি অহাৰ সময়তেই ৰাজ্যৰ বহু স্থানত দলং নোহোৱাৰ বাবে যমৰ যাতনা ভুগিব লগীয়া হৈছে ৰাইজে ৷ দলঙৰ নোহোৱাৰ বাবে বিভিন্ন সময়ত বহু লোকৰ মৃত্যু হোৱাৰ ঘটনাও সংঘটিত হৈছে (Boat accident in Assam) ৷ দলঙৰ অভাৱত পৰা তেনে এটা অঞ্চল হৈছে টিংখাং আৰু দুলীয়াজান সমষ্টি সংযোগী বুঢ়ীদিহিং নদীৰ ঘাট ৷ এই অঞ্চলটোত ৰাইজে দীৰ্ঘদিন ধৰি এখন দলঙৰ বাবে দাবী কৰি আহিছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছিল । অৱশেষত ৰাইজৰ প্ৰৱল দাবীৰ প্ৰতি সম্মান জনাই চৰকাৰে বুঢ়ীদিহিং নদীৰ ঘাটত এখন পকী দলং নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰাজ্য চৰকাৰৰ শেহতীয়া কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰাত টিংখাংবাসী উৎফুল্লিত হৈ পৰিছে (Cheers of public for concrete bridge in Tingkhang)।
বুঢ়ীদিহিং নদীৰ এটা ঘাট । এই ঘাটটোৱে সংযোগ ঘটাইছে ডিব্ৰুগড় জিলাৰ দুটাকৈ সমষ্টিক । টিংখাং সমষ্টিৰ আঘোণিবাৰী আৰু দুলীয়াজান সমষ্টিৰ তেলপানী সংযোগী এটা ব্যস্ততাপূৰ্ণ ঘাট (Decision to construct bridge on Buridihing River)। ঘাটটোত স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো এখন স্থায়ী দলঙৰ অভাৱত যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্যোগ ভুগি আহিছে অঞ্চলটোৰ ৰাইজে । পিছে ৰাজ্য চৰকাৰৰ শেহতীয়া কেবিনেট বৈঠকে এতিয়া আশাৰ সঞ্চাৰ আনিছে টিংখাংবাসী ৰাইজৰ বাবে ।
উল্লেখযোগ্য যে যোৱা সোমবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ বাবেও ঘোষণা কৰে বহু কেইটা ভাল খবৰ (Cabinet Meeting of Government at Dibrugarh)। বিশেষকৈ বুঢ়ীদিহিং নদীৰ ওপৰত নিৰ্মাণ হ'ব ২৭০ মিটাৰ দৈৰ্ঘ্যৰ এখন দলং । এইখন দলঙৰ ঘোষণাই এতিয়া উৎফুল্লিত কৰি তুলিছে টিংখাংবাসী ৰাইজক । উল্লেখযোগ্য যে এখন দলঙৰ অভাৱত এই ঘাটটোৰে নিতৌ শ- শ লোকে টুলুঙা নাঁৱত উঠি বিপদ সংকুল ভাৱে যাতায়ত কৰিবলগীয়া হয় । ভৰ বাৰিষা বুঢ়ীদিহিঙৰ কোবাল সোঁতত চুলিৰ আগত জীউটো লৈ পাৰাপাৰ হ'বলগীয়া হয় ৰাইজে । সেয়ে ঘাটটোত এখন স্থায়ী দলং নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে দীৰ্ঘদিনে দাবী জনাই আহিছিল ।
এই দলংখন নিৰ্মাণ হ'লে টিংখাঙৰ আঘোণীবাৰী, লেঙেৰী, নখাট, ধমন, চেচেবিল আদি কেইবাখনো গাঁৱৰ বাসিন্দাৰ বাবে টেঙাখাট হৈ ডিব্ৰুগড় আৰু তিনিচুকীয়ালৈ দুৰত্ব যথেষ্ট হ্ৰাস পাব । যাৰ ফলত বিশেষভাৱে উপকৃত হ'ব অঞ্চলটোৰ কৃষকসকল । সেয়ে ৰাজ্য চৰকাৰৰ এই ঘোষণাক অঞ্চলটোৰ ৰাইজে আদৰণি জনোৱাৰ লগতে দলংখনৰ নিৰ্মাণ কাৰ্য সোনকালে আৰম্ভ কৰিবলৈ আহ্বান জনায় । উল্লেখ্য় যে দিহিং বা বুঢ়ী দিহিং ব্ৰহ্মপুত্ৰ নদৰ এখনি উপনৈ । ই প্ৰায় ৩৮০ কিলোমিটাৰ দীঘল । দিহিং নদীয়ে সঘনে গতিপথ সলনি কৰি কেইবাটাও অশ্বখুৰা হ্ৰদ সৃষ্টি কৰিছে ।
লগতে পঢ়ক:Tense situation at Barnagar College: উদণ্ড যুৱকৰ আক্ৰমণত আহত বৰনগৰ মহাবিদ্যালয়ৰ কেইবাজনো ছাত্ৰ