ETV Bharat / state

তুলসী ওজাক অপমান : এগৰাকী ব্যৱসায়ীৰ কেনে এই ধৃষ্টতা - তুলসী ওজাক অপমান

বিশিষ্ট লোকশিল্পী তথা ঢোলৰ ওজা তুলসী ওজাক চোৰ সজালে এজন ব্যৱসায়ীয়ে ৷ নিজৰ হেৰোৱা টকা বিচৰি বেজৰ সহায়ত চলাথ কৰিলে তুলসী ওজাৰ ঘৰ ৷ উপায়ন্তৰ হৈ শিল্পীগৰাকী কাষ চাপিল আছু তথা আৰক্ষীৰ

তুলসী ওজাক অপমান
তুলসী ওজাক অপমান
author img

By

Published : Jan 11, 2020, 8:52 PM IST

টিংখাং, 11 জানুৱাৰী: কান্ধত অসমীয়া জাতিৰ বুকুৰ আপোন ঢোলটি ওলমাই সংস্কৃতিক জীয়াই ৰখাৰ ব্ৰতত ব্ৰতী তুলসী ওজাৰ ঘৰত সংঘটিত হৈছে অকল্পনীয় ঘটনা ৷ যাৰ ফলত আচৰিত হৈ পৰিছে ঢোলৰ ওজাগৰাকী ৷ তুলসী ওজাৰ ওপৰত অপযশ যাপি দিছে কাষৰীয়া এগৰাকী ব্যৱসায়ীয়ে ৷ কি এই অপযশ, ক'লে শোকত ম্ৰিয়ম্মান হৈ পৰা ওজাগৰাকীয়ে ৷

শুকুৰবাৰে পুৱা অনন্ত বৰা নামৰ ব্যৱসায়ীজনে এজন বেজ লৈ প্ৰৱেশ কৰে তুলসী ওজাৰ ঘৰত ৷ সেই সময়ত শোৱাপাটী এৰি আহিছিল হে তুলসী ওজা ৷ তেখেতে একো উৱাদিহেই পোৱা নাছিল, কি ঘটি আছে ? কোঠাই কোঠাই বিচাৰ খোচাৰ চলালে বেজে ৷ বাৰম্বাৰ সোধাৰ পাচতো দোকানী আৰু বেজজনে তেখেতক বিশেষ একো কোৱা নাছিল ৷ কিছু সময় পাচত দোকানীজনে ওজাক কয় যে চুৰি হোৱা পইচা উদ্ধাৰৰ বাবে ওজাৰ ঘৰত এইদৰে বেজ লৈ চলাথ কৰিছে তেওঁ ৷ এই কথা শুনি হতভম্ব হৈ পৰা তুলসী ওজাই গাঁৱৰ ৰাইজক খবৰ দিয়ে ৷ ৰাইজে আহি এই ঘটনাৰ উচিত বিচাৰৰ দাবী তোলে ৷

লগতে পঢ়ক: 'ফ্ৰী কাশ্মীৰ প্লেকাৰ্ড' কাণ্ডঃ ভিডিঅ'ৰ জৰিয়তে যুৱতীৰ ক্ষমা প্ৰাৰ্থনা

বিনা দোষে অপযশ পাই খঙে লাজে তুলসী ওজা কাষ চাপিলে স্থানীয় আছু নেতৃত্ব আৰু আৰক্ষীৰ ৷ ওজাৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ড বিধি আইনৰ 448/34 ধাৰাৰ অধীনত 16/2020 নম্বৰত এটা গোচৰ ৰুজু কৰিছে ৰাজগড় আৰক্ষীয়ে ৷ ইতিমধ্যে অনন্ত বৰা আৰু বেজ ৰূপী সুফল কাশ্যপক আটক কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ ওজাগৰাকীক এইদৰে অপমান কৰা ঘটনাক একেমুখে ধিক্কাৰ দিছে দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷ ওৰেটো জীৱন ঢোলটো কান্ধত লৈ অসমীয়া কৃষ্টি-সংস্কৃতিৰ চৰ্চা কৰি যোৱা এইগৰাকী শিল্পীক আৰ্থিক দৈন্যতাৰ বাবেই যেন এনেদৰে জাপি দিয়া হৈছে চোৰৰ অপযশ ৷ তেখেতৰ শিল্পৰাজী যেন ম্লান পৰি ৰ'ল এজন ব্যৱসায়ীৰ কেইটামান হেৰোৱা টকাৰ ওচৰত ৷

Intro:Body:

TULASHI OZA

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.