ডিব্ৰুগড়, 18 আগষ্টঃযিসময়ত সমগ্ৰ দেশৰ লগতে অসমৰো ৰাষ্টা-ঘাট, দলঙৰ ক্ষীপ্ৰ উন্নয়নৰ ফলত যাতায়ত ব্যৱস্থা সুগম হৈ পৰিছে বুলি চৰকাৰী ভাৱে কোৱা হৈছে সেই একেটা সময়তে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগিছে ভিতৰুৱা গ্ৰামাঞ্চলৰ বহু গাওঁবাসীয়ে ৷ টিংখাং বৰবিলৰগাঁৱৰ এখন দলঙ এতিয়া হোৱাতকৈ নোহোৱাই ভালৰ দৰে হৈছে। টিংখাং বৰবিলৰগাঁৱৰ এই দলংখনক কেন্দ্ৰ কৰি ই টি ভি ভাৰতে যুগুতোৱা চাওক এই প্ৰতিবেদন..
বাঁহৰ দলঙেৰে থেকেৰাগুৰি-বৰবিলবাসীৰ বিপদসংকুল যাত্ৰা - বিপদসংকুল যাত্ৰা
যমৰ যাতনা ভোগাইছে এখন অৰ্ধনিমিত দলঙে ৷ দুবছৰ ধৰি সম্পূৰ্ণ নহ’ল এখন দলং নিৰ্মাণৰ কাম ৷
বাঁহৰ দলঙেৰে থেকেৰাগুৰি-বৰবিলবাসীৰ বিপদসংকুল যাত্ৰা
ডিব্ৰুগড়, 18 আগষ্টঃযিসময়ত সমগ্ৰ দেশৰ লগতে অসমৰো ৰাষ্টা-ঘাট, দলঙৰ ক্ষীপ্ৰ উন্নয়নৰ ফলত যাতায়ত ব্যৱস্থা সুগম হৈ পৰিছে বুলি চৰকাৰী ভাৱে কোৱা হৈছে সেই একেটা সময়তে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগিছে ভিতৰুৱা গ্ৰামাঞ্চলৰ বহু গাওঁবাসীয়ে ৷ টিংখাং বৰবিলৰগাঁৱৰ এখন দলঙ এতিয়া হোৱাতকৈ নোহোৱাই ভালৰ দৰে হৈছে। টিংখাং বৰবিলৰগাঁৱৰ এই দলংখনক কেন্দ্ৰ কৰি ই টি ভি ভাৰতে যুগুতোৱা চাওক এই প্ৰতিবেদন..
Intro:টিংখাং বৰবিলৰ এখন এখন অৰ্ধনিৰ্মিত দলঙে জ্বলা কলা খুৱাইছে অঞ্চলবাসীক । পকীদলংখন সম্পূৰ্ণ নোহোৱাৰ বাবে ৰাইজে কাষতে নিৰ্মাণ কৰি লৈছে এখন বাঁহৰ দলং । ছাত্ৰ ছাত্ৰীৰ লগতে নিতৌ অহা যোৱা কৰিবলগীয়া লোকসকলে বৰ্তমান বাঁহৰ দলংখনৰ ওপৰেদি বিপদসংকূলভাৱে অহা যোৱা কৰিবলগীয়া হয় ।
Body: যমৰ যাতনা ভোগাইছে এখন অৰ্ধনিমিত দলঙে । ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত থেকেৰাগুৰি-বৰবিল সংযোগী পথৰ অৰ্ধনমিত দলংখন এতিয়া ভালুকৰ সাঙী । প্ৰায় দুবছৰৰ পূৰ্বেই নাহৰপাৰা জানৰ ওপৰত নিৰ্মাণ কাম আৰম্ভ কৰাৰ পিছত বৰ্তমানলৈকে দলংখনৰ খুটাকেইটাও সম্পূৰ্ণ নহল । স্থানীয় ৰাইজে অহা যোৱাৰ বাবে এখন বাঁহৰ দলং নিৰ্মাণ কৰি লৈছে যদিও সিও জৰাজীৰ্ণ হৈ পৰাত বিপদসংকুলভাৱে অহা যোৱা কৰিবলগীয়া হয় । স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে নিতৌ শ শ লোকে অহা যোৱা কৰিবলগীয়া হয় দলংখনৰ ওপৰেদি । ১০৮ বাদেই কোনো গাড়ীয়ে অহা যোৱা কৰাটো সম্ভৱ নহয় ৷ ৰোগীক বুকুচাত লৈয়ে পাৰ কৰিবলগীয়া হয় । ইতিমধ্যে , এই ভগ্ন বাঁহৰ দলঙৰ পৰা পৰি কেইবাজনো লোক আহতহবলগীয়া হৈছে । তৎস্বত্তেও, মৰণকো হৰন কৰি যাতায়ত কৰিবলগীয়া হয় অঞ্চলবাসীয়ে । Conclusion:বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ হেমাহিৰ বাবেই নিতৌ জীয়াতু ভোগ কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে । অতি লেহেমীয়া গতিৰে নিৰ্মাণ কৰি থকা এই পকী দলংখনৰ নিৰ্মাণ সম্প্ৰতি কেবামাহ ধৰি বন্ধ হৈ আছে । যাৰ বাবে ৰাইজে নিজে নিৰ্মাণ কৰি লোৱা এই বাঁহৰ দলংখন এতিয়া থেকেৰাগুৰি, কাকৱনি, দিৰৈ, নাহৰপাৰা, বৰবিল ঔফুলীয়াকে আদি কৰি কেইবাখনো গাঁৱৰ যাতায়তৰ একমাত্ৰ ভাৰসা হৈ পৰিছে । স্থানীয় ৰাইজৰ দাবী শীঘ্ৰে দলঙখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি ৰাইজক যাতায়তৰ ব্যৱস্থা কৰি দিয়ক ।
Bite - স্থানীয় মহিলা ,
স্থানীয় লোক ,
স্থানীয় লোক
টিংখাঙৰ পৰা দীপক গগৈ,ই টিভি ভাৰত,অসম।