ETV Bharat / state

মৰাণত ‘অভিনন্দন’সহ 12 খন মূল্যৱান গ্ৰন্থ উন্মোচন

author img

By

Published : Feb 15, 2021, 10:16 PM IST

মৰাণত ৰত্নগৰ্ভা ড৹ সুখ বৰুৱাৰ ‘অভিনন্দন’ গ্ৰন্থৰ লগতে মুঠ 12 খন মূল্যৱান গ্ৰন্থ উন্মোচন ৷ উক্ত কাৰ্যসূচীত বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াই কয় যে, বৰ্তমান ৰাজ্যখনত মূল্যবোধ ধ্বংস হৈছে ৷ গতিকে লেখক-লেখিকাসকলে এই মূল্যবোধ ঘূৰাই আনিব লাগিব ৷

book inauguration
গ্ৰন্থ উন্মোচন

মৰাণ,15 ফেব্ৰুৱাৰী : ডিব্ৰুগড়ৰ মৰাণত দেওবাৰে ৰত্নগৰ্ভা ড৹ সুখ বৰুৱাৰ অভিনন্দন গ্ৰন্থৰ লগতে মুঠ 12 খন মূল্যবান গ্ৰন্থ উন্মোচন কৰা হয় ৷ উন্মোচনী সভাত মূল গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ নগেন শইকীয়াই ।

গ্ৰন্থ উন্মোচন কৰি তেওঁ কয় যে, বৰ্তমান ৰাজ্যৰ চাৰিও ফালে মূল্যবোধৰ অভাৱ ঘটিছে, মূল্যবোধ ধ্বংস হৈছে । এই মূল্যবোধ পুনৰ গঢ়ি তুলিবৰ বাবে চিন্তাবিদ, সমাজ সচেতন লেখক-লেখিকাই গ্ৰন্থৰ যোগেদি মূল্যবোধ ঘূৰাই আনিব লাগিব ৷

book inauguration
গ্ৰন্থ উন্মোচন

লগতে বিশিষ্ট সাহিত্যিক গৰাকীয়ে ‘অভিনন্দন’ গ্ৰন্থখনৰ উন্মোচন কৰি কয় যে, মানুহ সময়েৰে জীয়াই নাথাকে, কৰ্ম যোগেদিহে জীয়াই থাকে । ড৹ সুখ বৰুৱা এনে এগৰাকী মহান ব্যক্তি, যিয়ে কৰ্মৰ যোগেদিয়েই চিৰদিন জীয়াই থাকিব ।

উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড৹ কন্দৰ্প ডেকা, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড৹ কৰবী ডেকা হাজৰিকা ।

লগতে পঢ়ক : গুৱাহাটীত সৰস্বতী পূজাৰ ব্যাপক প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.