ETV Bharat / state

বিমল বৰাৰ সমষ্টিত বিজেপিৰ চান্দা সংগ্ৰহ

যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে চান্দা সংস্কৃতিৰ বিৰুদ্ধে স্থিতি স্পষ্ট কৰিছে সেই সময়তে নিজ দলৰে একাংশ নেতা ব্যস্ত চান্দা সংগ্ৰহত । এইবাৰ মৰাণত চৰকাৰী আঁচনিৰ সুবিধা প্ৰদানৰ প্ৰলোভন দি দৰিদ্ৰ লোকৰ পৰা ধন সংগ্ৰহ কৰিলে একাংশ বিজেপি কৰ্মীয়ে (Bjp workers looted in Moran)। বিজেপি কৰ্মীৰ এনে কাৰ্যৰ পাছতে বিবুদ্ধিত পৰিছে পঞ্চায়তৰ সভাপতি ।

author img

By

Published : Feb 10, 2022, 5:19 PM IST

Bjp workers
বিমল বৰাৰ সমষ্টিত বিজেপিৰ চান্দা সংগ্ৰহ

মৰাণ,১০ ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিদেৰ্শ অনুসৰি চৰকাৰী আঁচনি প্ৰদানৰ নামত কোনেও ল'ব নোৱাৰিব ধন । লগতে বলপূৰ্বকভাৱে সংগ্ৰহ কৰিব নোৱাৰিব চান্দা । কিন্তু মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ নামানে মন্ত্ৰী বিমল বৰাৰ সমষ্টিৰ টিংখাঙৰ একাংশ বিজেপি কৰ্মীয়ে । কিয়নো টিংখাঙত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ নামত দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে বিজেপি কৰ্মীৰ বিৰুদ্ধে (Bjp workers looted in Moran)।

আনকি বিপদত পৰিছে পঞ্চায়ত সভানেত্ৰী । এই ঘটনা সংঘটিত হৈছে টিংখাঙৰ কেন্দুগুৰী গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডত । ৱাৰ্ডটোৰ একাংশ দৰিদ্ৰ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ দিয়াৰ প্ৰলোভন দি স্থানীয় কেইজনমান বিজেপি কৰ্মীয়ে ১০০ টকাকৈ সংগ্ৰহ কৰি ভাৰতীয় জনতা পাৰ্টীৰ সহযোগ নিধিৰ একোটা টিকট প্ৰদান কৰিছে ।

বিমল বৰাৰ সমষ্টিত বিজেপিৰ চান্দা সংগ্ৰহ

সেই টিকটবোৰ লৈ চৰকাৰী গৃহ লাভ কৰা বুলি শ্ৰমিকসকলে কেন্দুগুৰী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ ঘৰলৈ গৈ দাবী কৰে । কিন্তু এই সকল দৰিদ্ৰ লোকক লৈ কৰা ৰাজনীতিত বিপাঙত পৰিছে পঞ্চায়ত সভানেত্ৰী গৰাকী । এই ঘটনা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । অভিযুক্ত বিজেপি কৰ্মীসকলক কঠোৰ শাস্তিৰ দাবী জনাইছে সচেতম মহলে ।

লগতে পঢ়ক :Land grabbing allegation : খেতিয়কক মাৰপিট কৰি ভূমি বেদখলৰ চেষ্টাত লিপ্ত কংগ্ৰেছ নেতা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.