ETV Bharat / state

ওপজা দিনত নিস্তব্ধ গীতিকবিৰ সোণালীপাম

author img

By

Published : Aug 19, 2021, 1:50 PM IST

ক’ভিডৰ(Covid)ৰ ভয়াৱহ পৰিস্থিতিৰ বাবে জন্ম বাৰ্ষিকীৰ দিনাও নিস্তব্ধ পৰিৱেশে বিৰাজ কৰিছে গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ(Parvati Prasad Baruva)ৰ সোণালীপাম ৷ কবিগৰাকীৰ ওপজা দিনত নিজ ঘৰতে থাকি তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে সমগ্ৰ অসমে ৷

birth anniversary of geetikavi parvati prasad baruva
পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্ম বাৰ্ষিকী

মৰাণ, 19 আগষ্ট : আজি গীতিকবি খ্যাত পাৰ্বতী প্ৰসাদ বৰুৱাৰ(Parvati Prasad Baruva)ৰ জন্ম বাৰ্ষিকী ৷ 1904 চনৰ 19 আগষ্টত শিৱসাগৰৰ দিখৌপাৰত জন্মগ্ৰহণ কৰিছিল এইগৰাকী কবিয়ে ৷ অসমীয়া সাহিত্য জগতত অমূল্য অৱদান আগবঢ়াই থৈ যোৱা পাৰ্বতী প্ৰসাদ বৰুৱা একেধাৰে কবি, গীতিকাৰ আৰু নাট্যকাৰ ৷

ক’ভিডৰ(Covid)ৰ ভয়াৱহ পৰিস্থিতিৰ বাবে আজি নিতাল-নিস্তব্ধ হৈ আছে গীতিকবিৰ সোণাৰিৰ সোণালীপাম ৷ এটি সংস্কৃতিৱান পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী ব্যক্তিয়ে কৰ্মসূত্ৰে সোণাৰিৰ স্থায়ী বাসিন্দা হৈ জীৱনৰ সৰহখিনি সময় সোণাৰিতে কটাইছিল । প্ৰকৃতিৰ সৈতে খেলি এসময়ত ভাগৰি পৰি 1964 চনৰ 7 জুনত আমাৰ মাজৰ পৰা চিৰ বিদায় মাগিলে চিৰনমস্য কবিগৰাকীয়ে ৷

পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্ম বাৰ্ষিকী

পাৰ্বতি প্ৰসাদ বৰুৱা আজি আমাৰ মাজত নাই যদিও তেওঁৰ সৃষ্টিৰাজিৰ চৰ্চা এতিয়াও অব্যাহত আছে । ক’ভিড পৰিস্থিতিৰ বাবে গীতিকবিৰ জন্মদিনটো আনুষ্ঠানিকভাৱে উদযাপন কৰিব পৰা হোৱা নাই ,যদিও প্ৰতিগৰাকী সংস্কৃতিৱান অসমীয়াই নিজ ঘৰতে থাকি সোঁৱৰণ কৰিছে ‘সোণালীপাম’ৰ বাসিন্দাগৰাকীক ।

উল্লেখ যে, সোণাৰিৰ সোণালীপামৰ নিগাজী ঘৰত বহিয়েই পাৰ্বতি প্ৰসাদ বৰুৱাই ৰচনা কৰিছিল জীৱনৰ চিৰসেউজ বহু গীত আৰু কবিতা ৷ চতুৰ্থখন অসমীয়া বোলছবি ‘ৰূপহী’ৰো স্ৰষ্টা আছিল গীতিকবি৷ সোণালীপামৰ নিগাজী ঘৰত থাকিয়েই নিভাঁজ অসমীয়া থলুৱা শব্দৰ গাঁথনি, থলুৱা সুৰ প্ৰয়োগেৰে ৰচনা কৰিছিল চিৰসেউজ গীত আৰু কবিতাসমূহ ৷

গুণগুণনি, লুইতী, শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল, মায়াপী, মৌ টোকাৰী, ভঙা টোকাৰীৰ সুৰ, খেল ভঙাৰ খেল আদি পুথিৰ স্ৰষ্টা গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাই ‘লখিমী’ আৰু ‘সোণৰ সোলেং’ নামৰ দুখন নাটৰো ৰচনা কৰিছিল ৷ 1961 চনত গোৱালপাৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ অলঙ্কৃত কৰিছিল গীতিকবিয়ে । গীতিকবিৰ ওপজা দিনত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে অসমবাসীয়ে ৷

লগতে পঢ়ক : গো-পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন উচ্চ শিক্ষিত যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.