ডিব্ৰুগড়, 20মাৰ্চ: নিৰ্বাচনৰ লগতে আহি আছে অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহুটি । আগন্তুক নিৰ্বাচনী বতাহৰ লগতে এতিয়া প্ৰাণৰ ৰঙালী বিহুক আদৰাৰ বাবেও চলিছে ব্যাপক প্ৰস্তুতি । বিগত বছৰত কৰ’ণাৰ বাবে উকা হৈ ৰোৱা বিহুক আদৰাৰ বাবে নিৰ্বাচনী ব্যস্ততাৰ মাজতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বিহুৰ কৰ্মশালা ।
ডিব্ৰুগড়ৰ বিহু শিল্পী সংস্থা অসম নামৰ সংগঠনটোৱে ডিব্ৰুগড় সাহিত্য সভা প্ৰাংগণত বিহু নাচ, ঢোল বাদনৰ প্ৰশিক্ষণ, পেপাঁ বাদনৰ প্ৰশিক্ষণ আদি অনুষ্ঠিত কৰিছে । ঢোল পেপাৰ মাতত ৰজনজনাই উঠিছে চৌকিডিঙী প্ৰাংগণ । বিহুৱতী চুমকা বৰ আৰু বিশিষ্ট বিহুৱা বাপুজী কোঁৱৰ, মৃদুল বড়া, দিপিকি গগৈ আৰু সঞ্জীৱ দত্তৰ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা কৰ্মশালাত 200 গৰাকী নাচনী, বিহুৱাই অংশগ্ৰহণ কৰিছে ।
লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ চাবুৱা ভ্ৰমণৰ প্ৰাকমূৰ্হুতত আছুৰ প্ৰতিবাদ