ETV Bharat / state

BCMS Protest in Dibrugarh : বিভিন্ন সমস্যা সমাধানৰ দাবীত ডিব্ৰুগড়ৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাহ শ্ৰমিকৰ প্ৰতিবাদ - ডিব্ৰুগড়ৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়

সোমবাৰে ডিব্ৰুগড়ৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাহ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ভাৰতীয় চাহ মজদুৰ সংঘই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কেইবা শতাধিক চাহ শ্ৰমিকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

Bharatiya Chah Mazdoor Sangha Protest in Dibrugarh
চাহ শ্ৰমিকৰ প্ৰতিবাদ
author img

By

Published : Aug 21, 2023, 10:57 PM IST

ডিব্ৰুগড়ৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাহ শ্ৰমিকৰ প্ৰতিবাদ

ডিব্ৰুগড়, 21 আগষ্ট : চাহ বাগিচাৰ শ্ৰমিক সকলৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত বাগিচাই বাগিচাই প্ৰতিদিনে চাহ শ্ৰমিকে কৰিছে তীব্ৰ প্ৰতিবাদ ৷ নিবাৰ্চন চমু চাপি অহাৰ লগে লগে শাসক দলৰ নেতা-মন্ত্ৰীয়ে চাহ বাগিচাৰ শ্ৰমিকৰ উন্নয়নৰ কথা কৈ থকা পৰিলক্ষিত হৈছে ৷ কিন্তু কাৰ্যতঃ কিমান উন্নত হৈছে চাহ বাগিচাৰ শ্ৰমিক জীৱনৰ মানদণ্ড সেয়া এক বৃহৎ প্ৰশ্নবোধক ৷

প্ৰাপ্য বিচাৰি সমস্যাৰে জৰ্জৰিত শ্ৰমিক ৰাইজে এতিয়া বাগিচাই বাগিচাই আৰম্ভ কৰিছে প্ৰতিবাদ ৷ প্ৰতিবাদৰ পাছতো সমস্যা সমাধান নোহোৱাত সোমবাৰে ডিব্ৰুগড়ৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাহ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ভাৰতীয় চাহ মজদুৰ সংঘই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

লগতে পঢ়ক : Brahmaputra river erosion:তিনিচুকীয়া জিলাৰ ছৈখোৱাত ভয়াৱহ ৰূপত অব্যাহত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া

বিশেষকৈ হাতীগড় চাহ বাগিছাৰ কেইবা শতাধিক চাহ শ্ৰমিকে আহি এই প্ৰতিবাদত অংশগ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতীগড় চাহ বাগিছাৰ কোম্পানী আৰু মালিক গোষ্ঠীয়ে কোনো দিনে চাহ শ্ৰমিক সকলৰ সমস্যা সমূহ নিজাববীয়াকৈ সমাধান নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ লগতে চাহ বাগিচা খন খণ্ড খণ্ড কৈ বহিৰাগত কোম্পানীক বিক্ৰী কৰাত শ্ৰমিকে সময়ত লাভ নকৰে মজুৰিৰ লগতে অন্যান্য সুবিধা ৷

এই সন্দৰ্ভত হাতীগড় চাহ বাগিছাৰ চাহ শ্ৰমিক সকলৰ 11 দফীয়া বিভিন্ন সমস্যা সমাধানৰ দাবীত ভাৰতীয় চাহ মজদুৰ সংঘ‌ই জিলা শ্ৰম আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে ৷

প্ৰতিবাদৰ পাছতো চৰকাৰে সমাধান নকৰা এই সকল চাহ বাগিচাৰ শ্ৰমিকৰ সমস্যা সমাধান হ'ব কেতিয়া ? নে প্ৰতিশ্ৰুতি আৰু আঁচনি ঘোষণাতে সীমাবদ্ধ হ'ব চাহ বাগিচাৰ শ্ৰমিকৰ সমস্যা ৷

লগতে পঢ়ক : Namrup BVFCL : ৰাসায়নিক সাৰৰ ভয়ংকৰ কেলেংকাৰী সন্দৰ্ভত নামৰূপত আছুৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.