ETV Bharat / state

গ্ৰাম্য অৰ্থনীতিত বন্ধন বেংকৰ প্ৰভাৱ

বিভিন্ন সময়ত বন্ধন বেংকৰ বিৰুদ্ধে বহু মহিলাই প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ বিপৰীতে,নাহৰকটীয়াৰ একাংশ মহিলাই এই বেংকৰ পৰা ঋণ লৈ কেনেদৰে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে সেই বিষয়ে উল্লেখ কৰিলে সংবাদ মাধ্যমযোগে ৷

author img

By

Published : Jul 16, 2020, 3:19 PM IST

বন্ধন বেংক
বন্ধন বেংক

নাহৰকটীয়া, 16 জুলাই: গ্ৰাম্য অৰ্থনীতিত যুগান্তকাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে এটা বেচৰকাৰী প্ৰতিষ্ঠান ৷ সেই প্ৰতিষ্ঠানটো হ'ল বন্ধন বেংক ৷ ইতিমধ্যে এই প্ৰতিষ্ঠানৰ বাবে স্বাৱলম্বী হৈছে অসমৰ বহু গ্ৰামাঞ্চলৰ মহিলা ৷ ২০০১ চনত চন্দ্ৰ শেখৰ ঘোষ নামৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত স্বেচ্ছাসেৱী সংস্থা হিচাপে প্ৰতিষ্ঠা লাভ কৰি, ২০১৫ চনৰ ২৩ আগষ্টত বেংকিং জগতত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হয় বন্ধন বেংক হিচাপে ৷ বন্ধন বেংকৰ সহায়ত স্বাৱলম্বিতাৰ উদাহৰণ দাঙি ধৰিছে গ্ৰামাঞ্চলৰ অসংখ্য মহিলাই ৷

গ্ৰাম্য অৰ্থনীতিত বন্ধন বেংকৰ প্ৰভাৱ

বেংকলৈ ৰূপান্তৰিত হোৱাৰ পাচতে বন্ধন বেংকে নিম্নগামী কৰিছে তেওঁলোকৰ সুতৰ পৰিমাণ ৷ পূৰ্বৰ ধাৰা অটুট ৰাখি মহিলাসকলেও যাতে পুৰুষৰ সমানে ফেৰ মাৰি চলিব পাৰে, তাৰ বাবে মহিলাসকলৰ ব্যৱসায়ত সহায়ক হোৱাকৈ বন্ধনে একো একোটা দল বা গোটৰ যোগেদি ক্ষুদ্ৰ ক্ষুদ্ৰ ঋণ প্ৰদান কৰে ৷ যাৰ ফলত মহিলাসকলৰ উপাৰ্জন পথ প্ৰশস্ত হয় । বৰ্তমান বন্ধন বেংকেই হৈছে ক্ষুদ্ৰ ঋণত কম সুত লোৱা দেশৰ এক অগ্ৰণী অৰ্থনৈতিক প্ৰতিষ্ঠান ৷ অৱশ্যে বিভিন্ন সময়ত ক্ষুদ্ৰ বিত্তীয় ঋন লৈ পৰিশোধ কৰিব নোৱাৰি একাংশ মহিলাই ঘৰুৱা সম্পত্তি হেৰুৱাবলগীয়াও হৈছে ৷ এই বেংকৰ বিৰুদ্ধে ভিন্ন সময়ত বহু মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও,বন্ধন বেংকৰ পৰা ঋন লৈ উপকৃত হোৱা মহিলাই নিজৰ স্বাৱলম্বী হোৱাৰ কথাও প্ৰকাশ কৰিলে সংবাদ মাধ্যমযোগে ৷

লগতে পঢ়ক: মুখা শিল্পৰ ১২ বছৰীয়া নিৰলস সাধনা এজন যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.