ডিব্ৰগড়, 9 নৱেম্বৰঃ ভাৰতীয় ফুটবল তাৰকা বাইচুং ভূটীয়াই সোমবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ এক অনুষ্ঠানত সংবাদ মাধ্যমক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ সংবাদ মেলত মন্তব্য প্ৰকাশ কৰি কয়, ফুটবল খেল এতিয়া সমগ্ৰ বিশ্বতে সৰ্বাধিক জনপ্ৰিয় খেল ৰূপে পৰিগণিত হৈছে ৷ ইয়াৰ বিপৰীতে উত্তৰ-পূৰ্বাঞ্চলত বৰ্তমানেও খেলৰ ক্ষেত্ৰত আন্তঃগাঁঠনিৰ অভাৱ বুলি মন্তব্য কৰে তাৰকাজনে ৷
ইফালে অসমৰ গুৱাহাটীৰ বাদে জিলা পৰ্যায়ত যিমান বিলাক খেলৰ চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠান আছে, সেই সকলোবিলাক উন্নত পৰ্যায়লৈ উন্নীতকৰণ নোহোৱাত উদ্বেগ প্ৰকাশ কৰে ফুটবল খেলুৱৈজনে ৷ ইয়াৰ সমান্তৰালভাৱে উত্তৰ-পূৰ্বাঞ্চলত ফুটবলৰ জনপ্ৰিয়তাৰ কথা উল্লেখ কৰি ডিব্ৰুগড় আৰু তিনিচুকীয়াটো ফুটবলৰ যথেষ্ট জনপ্ৰিয়তা আছে বুলি মত প্ৰকাশ কৰে ভূটীয়াই ৷
লগতে পঢ়কঃ হীৰেন গোঁহাই প্ৰমুখ্যে বাওঁপন্থী বুদ্ধিজীৱীৰ বিৰুদ্ধে NIA নিয়োগৰ আহ্বান