মৰাণ,24 অক্টোবৰ: পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰে চাৰিটা বছৰ অতিক্ৰম কৰিলে। কিন্তু পৰিবৰ্তন এতিয়া ৰাইজৰ বাবে এক নুবুজা সাঁথৰ । পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি সমূহ বাস্তৱত কিমান সফল কৰিলে তাকে লৈ এতিয়া ৰাইজে বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰনা কৰিছে । কাৰণ খোদ মুখ্যমন্ত্ৰী জনৰ গৃহ চহৰতে উন্নয়ন বিচাৰি ৰাইজে হাহাকাৰ কৰিবলগীয়া পৰিবেশৰ সৃষ্টি হৈছে। গ্ৰাম্যাঞ্চলৰ উন্নয়ন দূৰৈৰে কথা ৰাষ্ট্ৰীয় ঘাই পথৰে এতিয়া জৰাজীৰ্ণ ৰূপ ।

ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণকাৰী তথা মৰাণ নগৰৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা কোনো কালে উন্নত হোৱা পৰিলক্ষিত হোৱা নাই ৷ গোটেই বছৰটো নগৰৰ পথছোৱাৰ অৱস্থা ভঙা-ছিগা, পথৰ ওপৰত দ গাঁতসমূহ একাঁঠু পানী- বোকাৰে ভৰি থাকে ৷ সাধাৰণ পথচাৰীতো বাদেই যান-বাহনো চলাচল কৰাত সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ নগৰখনৰ পথছোৱাৰ এটা ফালে মেৰামতিৰ কাম সম্পূৰ্ণ নহওতেই অন্য ফালে যায় ভাঙি ৷

ইমান সমস্যাৰ মাজতো মৰাণবাসীয়ে পথছোৱা উন্নয়নৰ সপোন দেখিছিল ; কাৰণ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৩.৫ কিলোমিটাৰ বহলাই পানী ওলাই যাব পৰাকৈ দুয়োকাষে নৰ্দমা নিৰ্মাণ কৰিবলৈ চৰকাৰে ১৩ কোটি ৫0 লাখ টকা আৱণ্টন দি নিৰ্মাণৰ দায়িত্ব NHDCL ক দিছিল ৷

বিগত বৰ্ষৰ অক্টোবৰ মাহত মুখ্যমন্ত্ৰীয়ে পথছোৱা নিৰ্মাণৰ শিলান্যাসো কৰিছিল ৷ শিলান্যাস অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে মৰাণবাসীৰ দীৰ্ঘদিনীয়া দাবীত আৱণ্টন হোৱা টকাৰ সঠিক ব্যৱহাৰ কৰি পথটো সময়মতে উপযুক্তভাৱে নিৰ্মাণ কৰি উলিয়াবলৈ NHDCLৰ বিষয়া আৰু তদাৰকৰ দায়িত্ব ডিব্ৰুগড় জিলাৰ উপায়ুক্তক অৰ্পন কৰি কৰিছিল ৷

কিন্তু কামৰ গতি খৰতকীয়া নোহোৱাত এতিয়া পূজাৰ বতৰত এদিন বৰষুণ দিয়াৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত একাঁঠু বোকা পানীৰে ভৰি পৰিছে । ফলত পূজাৰ বতৰত ৰাইজে বাৰুকৈ যমৰ যন্ত্ৰণা ভুগিছে । গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে ৰাজ্যৰ ৰাজহ আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী যোগেন মোহনৰ ঘৰ মৰাণ নগৰৰ পৰা এক কিলোমিটাৰ নিলগত হোৱাৰ লগতে বিধায়ক চক্ৰ গগৈৰ ঘৰলৈকো হ'ব প্ৰায় এক কিলোমিটাৰ দূৰত্ব।

কিন্তু স্থানীয় মন্ত্ৰী বিধায়ক আটাইৰে ৰাইজৰ এই সমস্যাক লৈ নাই কোনো গুৰুত্ব। নিজৰ গৃহ চহৰ খনকে উন্নত কৰিবলৈ সক্ষম নোহোৱা এই দুগৰাকী মন্ত্ৰী বিধায়কলৈ এতিয়া ৰাইজে বিভিন্ন প্ৰশ্নৰ অৱতাৰনা কৰিছে।
লগতে পঢ়ক: আগন্তক তিনি মাহে নিৰ্ণয় কৰিব দেশৰ ক'ভিড-19 পৰিস্থিতি : হৰ্ষ বৰ্ধন