নাহৰকটীয়া,13 নৱেম্বৰঃ অযোধ্যাৰ ৰাইদানৰ প্ৰতি ব্যতিক্ৰমী প্ৰশংসা নামৰূপৰ এগৰাকী চিত্ৰশিল্পীৰ । দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এক ঐতিহাসিক ৰায়দানৰ পাছতেই ৰং তুলিকাৰে মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ লগতে ৰাম মন্দিৰ অংকন কৰি কৃতজ্ঞতা জনালে শিল্পী গৰাকীয়ে ।
উল্লেখ্য যে কেইবা দশকৰ জল্পনা কল্পনাৰ অন্তত যোৱা 9 নৱেম্বৰ তাৰিখে অযোধ্যা বিবাদৰ চূড়ান্ত ৰায়দান হিচাপে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ ৰায়দান দিছিল অসম সন্তান ৰঞ্জন গগৈৰ নেতৃত্বত 5জনীয়া বিচাৰপীঠে । দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ এই সিদ্ধান্তক দেশবাসীয়ে আকোঁৱালি লোৱাৰ মাজতে তেওঁৰ গৃহ জিলা ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ সপ্তৰ্ষি গগৈ নামৰ এজন চিত্ৰশিল্পীয়ে এই ৰায়দানলৈ জনালে ব্যতিক্ৰমী সন্মান । এই ঐতিহাসিক ৰায়দানৰ প্ৰতি সন্মান জনায় ৰং তুলিকাৰে দেশৰ জাতীয় পতাকাৰ মাজত ৰাম মন্দিৰৰ লগতে ৰঞ্জন গগৈৰ এক প্ৰতিচ্ছবি তৈয়াৰ কৰি উলিয়াইছে শিল্পী গৰাকীয়ে । এই কামেৰে নাহৰকটীয়া বাসীৰ মাজত সমাদৰ বুটলিবলৈ সক্ষম হৈছে চিত্ৰশিল্পী গৰাকীয়ে ।