ETV Bharat / state

ডিব্ৰুগড়ত চাৰিটাকৈ সংগঠনৰ যুটীয়াভাৱে ৰাইজৰ মাজত মাস্ক বিতৰণ

author img

By

Published : Apr 30, 2021, 10:19 PM IST

টাই আহোম যুৱ পৰিষদ, সদৌ অসম কৈৱৰ্ত ছাত্ৰ সন্থাকে ধৰি মুঠ চাৰিটাকৈ সংগঠনৰ যুটীয়া প্ৰচেষ্টাত ক’ভিড সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাইজৰ মাজত বিনামূলীয়া মাস্ক বিতৰণ ৷ আগন্তুক সময়ত জিলাখনৰ সৰু-বৰ চহৰ সামৰি প্ৰায় এক লাখ লোকক মাস্ক বিতৰণ কৰিব ছাত্ৰসংগঠন কেইটাই ৷

awarness-programme-and-mask-distribution-in-dibrugargh
ডিব্ৰুগড়ত চাৰিটাকৈ সংগঠনৰ যুটীয়া ভাৱে ৰাইজৰ মাজত মাস্ক বিতৰণ

মৰাণ, 30 এপ্ৰিল : ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা ভয়ংকৰ হাৰত বৃদ্ধি পাবলৈ ধৰিছে ৷ এনে পৰিস্থিতত ক’ভিড সম্পৰ্কে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে শুকুৰবাৰে টাই আহোম যুৱ পৰিষদ, সদৌ অসম কৈৱৰ্ত ছাত্ৰ সন্থাকে ধৰি মুঠ চাৰিটাকৈ সংগঠনৰ যুটীয়া পদক্ষেপক ৰাইজে শলাগ লৈছে ৷

বীৰাঙ্গনা মুলাগাভৰুৰ স্মৃতি দিৱসত ক’ভিড সম্পৰ্কে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলাৰ থানা চাৰিআলিত ছাত্ৰ সংগঠনকেইটাই যুটীয়াভাৱে মাস্ক বিতৰণ কৰাৰ লগতে পথৰ ওপৰেৰে গাড়ী, চাইকেল চলাই অহা পথাচাৰীৰ মাজত বিনামূলীয়া মাস্ক বিতৰণ কৰি ৰাইজৰ মাজত ক’ভিডক লৈ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ৷ ইয়াৰ উপৰিও জিলাখনৰ সৰু-বৰ চহৰত প্ৰায় এক লাখ লোকক মাস্ক বিতৰণ কৰি ৰাইজক সজাগ কৰিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : 2021 ৰ বিধানসভা নিৰ্বাচন: দক্ষিণ নিশ্চিত, পূবত এতিয়াও অনিশ্চয়তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.