মৰাণ, ১৯ মাৰ্চ: ভোটদানৰ সময়ত যাতে কোনো ভোটাৰে অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । বিধানসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত হোৱাৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলা প্ৰশাসন তৎপৰ হৈছে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে ।

ভোটাৰক ভোটদানৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যেৰে ডিব্ৰুগড় জিলা প্ৰশাসনে এছ ভি ই ই পি কোষৰ দ্বাৰা শুকুৰবাৰে মৰাণত সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰে । মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুটুহা বিদ্যালয়ত আৰু লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰোমাই টি ই প্ৰাথমিক বিদ্যালয়ত সজাগতামূলক অনুষ্ঠান আয়োজন কৰে । EVM, VVPAT ব্যৱহাৰ সন্দৰ্ভত ভোটাৰক সজাগ কৰাৰ প্ৰয়াস কৰে প্ৰশাসনে ।

ইতিমধ্যে জিলা প্ৰশাসনে জিলাখনৰ প্ৰতিটো সমষ্টিৰ ভোটাৰক সজাগ কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে । মুঠতে বিধানসভা নিৰ্বাচনত যাতে জিলাখনৰ সকলো ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে তাৰ বাবে এনেদৰে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰশাসনে ।