ETV Bharat / state

এটোৱা মুণ্ডাক পহুখেদা: প্ৰতিক্ৰিয়া প্ৰকাশ

author img

By

Published : Mar 22, 2021, 4:58 PM IST

Updated : Mar 22, 2021, 5:31 PM IST

নিৰ্বাচনৰ সময়তে বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাটো বৰ্তমান সাধাৰণ কথাত পৰিণত হৈছে ৷ এয়া বিজেপি দলৰ বাবে এক ফেশ্বনত পৰিণত হৈছে ৷

atuwa-munda-reacts-on-protest-at-tingkhang
টিংখাঙত গ’ বেক ধ্বনিৰে পহু খেদা দিয়া ঘটনাক লৈ এটোৱা মুণ্ডাৰ প্ৰতিক্ৰিয়া

মৰাণ,22 মাৰ্চ: টিংখাঙৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ প্ৰাৰ্থী এটোৱা মুণ্ডাক শুকুৰবাৰে নিশা টিংখাঙৰ ঔফুলিয়া চাহ বাগিচাৰ পৰা স্থানীয় লোকে গ’ বেক ধ্বনি দি সমষ্টিটোৰ পৰা পহুখেদা দিয়ে ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণৰ বাবে গৈছিল ৷ কিন্তু সেই সময়তে বাগিচাৰ কিছু লোকে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক বাধা প্ৰদান কৰে ৷

এটোৱা মুণ্ডাক পহুখেদা: প্ৰতিক্ৰিয়া প্ৰকাশ

এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এটোৱা মুণ্ডাই । তেওঁ কয় যে, বৰ্তমান নিৰ্বাচনৰ সময়তে এই ঘটনা সংঘটিত হোৱাটো সাধাৰণ কথাত পৰিণত হৈছে ৷ এয়া বিজেপি দলৰ বাবে এক ফেশ্বনত পৰিণত হৈছে ৷ বিজেপি দল বৰ্তমান শংকিত হৈ পৰিছে ৷ স্থানীয় ৰাইজে নহয়, মাত্ৰ কেইজনমান উদণ্ড যুৱকেহে প্ৰকৃততে এই পৰিস্থিতিৰ সৃষ্টি কৰিছিল বুলি এটোৱা মুণ্ডাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

লগতে পঢ়ক : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বিশদ বিৱৰণ

Last Updated : Mar 22, 2021, 5:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.