ETV Bharat / state

চাহ শ্ৰমিকৰ মজুৰি: চৰকাৰ-মালিকপক্ষৰ বিৰুদ্ধে সৰৱ আটছা

author img

By

Published : Mar 11, 2021, 10:26 PM IST

Updated : Mar 12, 2021, 8:40 AM IST

বিজেপি চৰকাৰৰ ভূমিকাত অগ্নিশৰ্মা আটছাৰ কেন্দ্ৰীয় নেতৃত্ব । আটছা দ্বাৰস্থ হ'ব ন্যায়ালয়ৰ । ডিব্ৰুগড়ত সংবাদমেল যোগে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৰ নেতৃত্বই ।

প্ৰসংগ চাহ শ্ৰমিকৰ মজুৰি: চৰকাৰ মালিক পক্ষৰ বিৰুদ্ধে সৰৱ আটছা

ডিব্ৰুগড়,11 মাৰ্চঃ চাহ শ্ৰমিকৰ মজুৰি বিষয়টোত মালিকপক্ষ আৰু চৰকাৰৰ বিৰুদ্ধে এইবাৰ সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা । সাঙুৰিলে এচিএম এছ, ঘাটোৱাৰকো । লগতে বিজেপি চৰকাৰৰ ভূমিকাত অগ্নিশৰ্মা আটছাৰ কেন্দ্ৰীয় নেতৃত্ব । আটছা দ্বাৰস্থ হ'ব ন্যায়ালয়ৰ । ডিব্ৰুগড়ত সংবাদমেল যোগে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৰ নেতৃত্বই ।

চৰকাৰৰ ঘোষণাত থাকি গ'ল ত্ৰুটি, সেয়ে মালিকপক্ষই ল'লে সুবিধা । চাহ শ্ৰমিকসকল দৰিদ্ৰ কাৰণে তেওঁলোকক লৈ ৰাজনীতি কৰাতো বিজেপি চৰকাৰৰ কাৰণে অত্যন্ত অনুচিত কাম হৈছে । যিটো গৰিহণা যোগ্য । বিষয়টো উপস্থাপনতো চৰকাৰ ব্যৰ্থ । সেয়ে ন্যায়ালয়ৰ স্থগিতাদেশ জাৰি হৈছে । চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে বাগিচাই বাগিচাই হ'ব সজাগতা সভা, আটছাৰ ঘোষণা । লগতে ২২ মাৰ্চত চাহ বাগিচা বন্ধৰ ঘোষণাৰ হুংকাৰ আটছাৰ । প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়ালৈ মাত্ৰ ৫ দিন থকাৰ পূৰ্বে সমগ্ৰ ৰাজ্যৰে বাগিচা বন্ধৰ এই ঘোষণা আটছাৰ ।

চাহ শ্ৰমিকৰ মজুৰি: চৰকাৰ-মালিকপক্ষৰ বিৰুদ্ধে সৰৱ আটছা

ইফালে ঘাটোৱাৰক কটাক্ষৰে এচিএমএছক মজুৰিৰ শেহতীয়া প্ৰসংগত তীব্ৰ সমালোচনা আটছাৰ । সংবাদমেল সম্বোধন কৰি আটছাৰ সভাপতি ধীৰাজ গোৱালাই ঘাটোৱাৰৰ কথা উল্লেখ কৰি কয় "মই ভাবো তেওঁৰ এতিয়া বয়সো হৈছে । ঘাটোৱাৰৰ বয়স হ'ল, বয়স হ'লে কাৰ্য ক্ষমতাটো কমি যায় । "সংবাদ মেলত উপস্থিত আটছাৰ কেন্দ্ৰীয় তথা সমূহ নেতৃত্ব আৰু সদস্যই কটাক্ষৰ হাঁহি মাৰি উত্তৰ দিলে "ঘাটোৱাৰৰ কাৰ্য ক্ষমতাৰ কথা আমি নক’লেও হ'ব" ৷ এচিএমএছক তীব্ৰ সমালোচনাৰে আটছাৰ আক্ৰমণ ৷ এচিএমএছ-য়ে চাহ শ্ৰমিকৰ ১৬৭ টকা মজুৰিৰ পৰা কৰ্তন কৰি চাহ শ্ৰমিকৰ শ্ৰমিক গৰ্জন কাৰ্যসূচী কৰিছিল । সাধাৰণ সম্পাদক আছিল ৰুপেছ গোৱালা এচিএমএছৰ, তেওঁতো এতিয়া বিজেপিত । ক'বলৈনো কি থাকিলে তেওঁলোকৰ কথা । ইফালে জনজাতিকৰণতো চৰকাৰে চাহ জনগোষ্ঠীক প্ৰতাৰণাৰ অভিযোগ আটছাৰ, লগতে আন কেইবাটাও বিষয়ত চৰকাৰক কঠোৰ সমালোচনাৰে আগন্তুক নিৰ্বাচনত বিজেপি বিৰোধী স্থিতি গ্ৰহণৰ মত চাহ জনগোষ্ঠীয় সক্ৰিয় সংগঠনটোৰ ।

লগতে পঢ়কঃ কৰিমগঞ্জত 4 গৰাকী বিজেপি প্ৰাৰ্থীৰ মনোনয়ন দাখিল

Last Updated : Mar 12, 2021, 8:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.