নাহৰকটীয়া, 25 আগষ্টঃ সাধাৰণতে আৱৰ্জনাময় পৰিবেশৰ সৃষ্টি কৰা পেলনীয়া সামগ্ৰীও হ'ব পাৰে আপোনাৰ ঘৰ কৰা অথবা শুৱনি কোঠাৰ সৌন্দৰ্যবৰ্দ্ধনৰ সামগ্ৰী ৷ তাৰ বাবে প্ৰয়োজন কৰ্মস্পৃহা, একাগ্ৰতা আৰু এটা চিন্তাশীল মনৰ ৷ এনে এক সম্ভাৱনাকে উলিয়াই আনিছে নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰৰ নিৱাসী আদিত্য গগৈ নামৰ এইজন যুৱকজনে ৷ আপুনি মই ব্যৱহাৰ কৰি পেলাই দিয়া নাৰিকলৰ কোৰোকা, পেলনীয়া কাঠ, বাহঁৰ গুৰি, বেতৰ পৰা আদিত্যই কোনো কাৰিকৰী জ্ঞান নথকাকৈ আজৰি সময়ত তৈয়াৰ কৰি উলিয়াইছে সুন্দৰ সুন্দৰ মন পৰশা সামগ্ৰী ৷
লগতে পঢ়কঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত আটছাৰ সাংস্কৃতিক প্ৰতিবাদ
প্ৰথম বাৰৰ বাবে বাঁহেৰে পেঁপা তৈয়াৰ কৰাৰ পাছৰে পৰা ৰৈ থকা নাই আদিত্য ৷ পেলনীয়া সামগ্ৰীৰে আদিত্যই প্ৰস্তুত কৰিছে টিপট, কাপ, চাইকেল, ফুলদানি, পেনষ্টেণ্ড, ঘড়ী, হেতা, ষ্টেন লাইট, চামুচ, ঝুমুৰ, ইত্যাদি ৷ আনকি আদিত্যৰ হাতত প্ৰাণ পাই উঠিছে বাঁহৰ গহনা আৰু অসমীয়া তাঁতশাল, যঁতৰ, চেৰেকীকে আদিকৰী বিভিন্ন সামগ্ৰী ৷
উল্লেখ্য যে, বিভিন্ন স্থানৰ পৰা আদিত্যই পেলনীয়া কোৰোকাবোৰ সংগ্ৰহ কৰি সুক্ষ্মভাবে সম্পূৰ্ণ নিজস্ব কল্পনাৰে তৈয়াৰ কৰি উলিয়াইছে এনেবোৰ সামগ্ৰী ৷ এই সামগ্ৰীসমূহ তৈয়াৰ কৰিবলৈ আদিত্যক সময় লাগে এদিনৰ পৰা চাৰিদিন ৷ শিল্পী গৰাকীৰ হাতৰ পৰশত কঠালৰ পাতটো প্ৰাণ পাইছে ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণ, পণ্ডিত জৱাহৰলাল নেহৰু, মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি ৷
ইফালে শিল্পীগৰাকীয়ে ৫০টকাৰ পৰা 24 হাজাৰ টকালৈকে বিক্ৰী কৰিবলৈ সক্ষম হোৱা এই সমগ্ৰীসমূহে গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া, দেশৰ ৰাজধানী দিল্লীৰ ওপৰিও থাইলেণ্ডতো যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ এনে কুটিৰ শিল্পৰ পৰা যে স্বাবলম্বী হব পৰা যায় তাৰে এক নিদৰ্শন দাঙি ধৰিছে আদিত্যই ৷
লগতে পঢ়ক-ৰাজসাক্ষী হোৱাৰ ইচ্ছা APSC কেলেংকাৰীত অভিযুক্ত চিকিৎসক মৃগেন শইকীয়াৰ