ডিব্ৰুগড়, 26 জুনঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত মুঠ ৪৬০ নম্বৰ লাভ কৰি বাণিজ্য শাখাত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ আস্থা চৌধুৰীয়ে ৷ আস্থা ডিব্ৰুগড়স্থিত ছল্ট ব্ৰুক একাডেমীৰ ছাত্ৰী ৷ আস্থা ডিব্ৰুগড় জিলাৰ সীমান্তবৰ্তী জয়পুৰ অচ্যুৎ চৌধুৰী আৰু দীপা চৌধুৰীৰ একমাত্ৰ সন্তান ৷ পৰৱৰ্তী শিক্ষা তেজপুৰ বিশ্ববিদ্যালৰ পৰা আহৰণ কৰিব বিচৰা মেধাৱী ছাত্ৰী গৰাকীৰ ভৱিষ্যতৰ লক্ষ্য কোনো আগশাৰীৰ কোম্পানীৰ উচ্চপদস্থ পদত অধিস্থিত হোৱাৰ ৷ আস্থাই তেওঁৰ সফলতাৰ সমগ্ৰ কৃতিত্ব তেওঁৰ মাতৃ-পিতৃ, শিক্ষকৰ লগতে তেওঁৰ বন্ধবৰ্গক প্ৰদান কৰে ৷ আস্থাৰ সফলতাত সকলো উৎফুল্লিত হৈ পৰাৰ লগতে ভিন্ন দল-সংগঠনে তেওঁক সম্বৰ্ধনাও জ্ঞাপন কৰে ৷
লগতে পঢ়কঃসদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত অন্ধ শিক্ষাৰ্থীৰ সাফল্য