ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মৰাণত আছুৰ প্ৰতিবাদ

সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব (সংশোধনী) আইন - ২০১৯ বাতিলৰ দাবীত মৰাণত তীব্ৰ প্ৰতিবাদ ৷ মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে "মানৱ শৃংখলেৰে বিক্ষোভ কাৰ্যসূচী" ৰূপায়ন কৰা হয় ।

ASSU protest against CAA at moran
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মৰাণত আছুৰ প্ৰতিবাদ
author img

By

Published : Feb 1, 2020, 11:05 PM IST

মৰাণ ১ ফেব্ৰুৱাৰী : সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন , ২০১৯ বাতিলৰ দাবীত শনিবাৰে মৰাণত তীব্ৰ প্ৰতিবাদ ৷ মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত "মানৱ শৃংখলেৰে বিক্ষোভ কাৰ্যসূচী" ৰূপায়ন কৰা হয় ৷ মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰোহিনী গগৈ, সম্পাদক অবিনাশ শৰ্মা, চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক অনুপজ্যোতি ভূঞাৰ নেতৃত্বত কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে মৰাণত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শৃংখলাবদ্ধ ভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মৰাণত আছুৰ প্ৰতিবাদ

প্ৰতিবাদী সকলে বি জে পি চৰকাৰ মুৰ্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিত্তমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা মুৰ্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন জাতীয় সংগঠনৰ নেতা কৰ্মী সকলৰ উপৰিও বহু কেইজন বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে । আনহাতে খোৱাঙতো খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই 'কা' বিৰোধিতাৰে মানৱ শৃংখলেৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ৰাহুল কোঁৱৰৰ লগতে খোৱাঙৰ শতাধিক ৰাইজে অংশ গ্ৰহণ কৰে ৷

আৰু পঢ়ক : মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ "কা" বিৰোধী প্ৰতিবাদ

Intro:
প্ৰতিবেদক মৰাণ ১ ফেব্ৰুৱাৰী ঃ

সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব ( সংশোধনী ) আইন - ২০১৯ বাতিলৰ দাবীত আজি মৰাণত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত "মানৱ শৃংখলেৰে বিক্ষোভ কাৰ্যসূচী " ৰূপায়ন হয় । দিনত ১১ বজাৰ পৰা মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰোহিনী গগৈ , সম্পাদক অবিনাশ শৰ্মা , চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক অনুপজ্যোতি ভূঞাৰ নেতৃত্বত কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে মৰাণ নগৰত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত শাৰী পাতি শৃংখলাবদ্ধ ভাৱে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে । প্ৰতিবাদী সকলে বি জে পি চৰকাৰ মুৰ্দাবাদ , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ , বিত্তমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা মুৰ্দাবাদ আদি ধ্বনীৰে মৰাণৰ আকাশ বতাহ কঁপাই তোলে । প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন জাতীয় সংগঠনৰ নেতা কৰ্মী সকলৰ উপৰিও বহু কেইজন বিশিষ্ট নাগৰিকে ভাগ লয় । আনহাতে খোৱাঙতো খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই 'কা' বিৰোধিতাৰে মানৱ শৃংখলেৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ৰাহুল কোঁৱৰ উপস্থিত থকা এই কাৰ্যসূচীত খোৱাং শতাধিক ৰাইজে অংশ গ্ৰহণ কৰে

Byte দিয়া হৈছেBody:.ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.