ডিব্ৰুগড়, 29 আগষ্টঃ বাতৰিকাকতত শাসনাধীন বিজেপি চৰকাৰৰ এটা বিজ্ঞাপন ৷ বিজ্ঞাপনটোত উল্লেখ কৰা অনুসৰি, বিগত 50 বছৰৰ সকলো অভিলেখ ভংগ কৰি ৰাজ্যত প্ৰতি কিলোগ্ৰাম কেঁচা চাহপাতৰ মূল্য হৈছেগৈ ৫০ টকা । কিন্তু কিমান সঁচা ৰাজ্য চৰকাৰৰ এই দাবী ? প্ৰকৃতাৰ্থত লাভান্বিত হৈছেনে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল ? এই সন্দৰ্ভত মন্তব্য কৰি এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক গিৰীন্দ্ৰ উপাধ্যায়ে কৈছে যে, ঠায়ে ঠায়ে চাহপাতৰ দাম কিছু বৃদ্ধি হৈছে যদিও এই হাৰ তেনেই তাকৰ ৷ প্ৰকৃতাৰ্থত কোম্পানীসমূহৰ হাতলৈহে বেছিভাগ লাভাংশ গৈছে ৷ ইয়াৰ উপৰিও চাহখেতিত ব্যৱহাৰ হোৱা ৰাসায়নিক দ্ৰব্যসমূহৰ মূল্যও দুগুন বৃদ্ধি পোৱাত মাধমাৰ পৰিছে ৰাজ্যৰ ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰত ৷
আনহাতে, ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বিভিন্ন সমস্যাৰ বিষয়ে বুজ লোৱাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড৹ মৃদুল হাজৰিকাৰ নেতৃত্বত গঠন কৰি দিয়া কমিটিখনৰ প্ৰতিবেদনক লৈও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে ক্ষুদ্ৰ চাহ খেতিয়কগৰাকীয়ে ৷ প্ৰতিবেদনখনত প্ৰকাশ কৰা অনুসৰি ৰাজ্যৰ ক্ষুদ্ৰ চাহখেতিয়ক সকলৰ কাৰিকৰী জ্ঞানৰ অভাৱৰ লগতে তেঁওলোকে বিজ্ঞানসন্মত গছ পুলি ব্যৱহাৰ নকৰাৰ কথা প্ৰকাশ কৰাক লৈ ৰাজ্যৰ প্ৰায় 1 লাখ 80 হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক অসন্তুস্ত হোৱা বুলি মন্তব্য কৰে গিৰীন্দ্ৰ উপাধ্যায়ে ৷
লগতে পঢ়ক-হাফলংত কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান