ETV Bharat / state

Assam Taekwondo coach died: টাইকোৱাণ্ডো প্ৰশিক্ষক দিগন্ত বৰাৰ শেষকৃত্য সম্পন্ন

author img

By

Published : Feb 25, 2023, 10:33 AM IST

শেষকৃত্য সম্পন্ন হ’ল টাইকোৱাণ্ডো প্ৰশিক্ষক দিগন্ত বৰাৰ (Taekwondo coach Diganta Bora) ৷ শুকুৰবাৰে বিমানযোগে হায়দৰাবাদৰ পৰা ডিব্ৰুগড়লৈ অনা হয় দিগন্ত বৰাৰ মৃতদেহ ৷ দিগন্ত বৰাৰ অকাল মৃত্যুত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত পৰিছে শোকৰ ছাঁ ৷

Assam Taekwondo coach died
টাইকোৱাণ্ডো প্ৰশিক্ষক দিগন্ত বৰাৰ শেষকৃত্য সম্পন্ন

ডিব্ৰুগড়, 25 ফেব্ৰুৱাৰী: শুকুৰবাৰে শেষকৃত্য সম্পন্ন কৰা হয় অসম দলৰ টাইকোৱাণ্ডো প্ৰশিক্ষক দিগন্ত বৰাৰ (Funeral of Taekwondo coach Diganta Bora) ৷ হায়দৰাবাদৰ পৰা বিমানযোগে ডিব্ৰুগড়স্থিত নিজ বাসগৃহলৈ অনা হয় ক্ৰীড়াবিদগৰাকীৰ মৃতদেহ ৷ বিমান বন্দৰতে একাংশ শুভাকাংক্ষীয়ে অশ্ৰুশিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাচতেই মৃতদেহ লৈ যোৱা হয় ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়লৈ ৷

দিগন্ত বৰাৰ নশ্বৰদেহ শ্ৰদ্ধাঞ্জলিৰ বাবে কানৈ মহাবিদ্যালয়লৈ অনাৰ পাচতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশ ৷ কান্দোনত ভাগি পৰে শতাধিক টাইকোৱাণ্ডো খেলুৱৈ আৰু তেওঁলোকৰ অভিভাৱক ৷ ৰাজ্যজুৰি টাইকোৱাণ্ডো প্ৰশিক্ষক হিচাবে বিশেষ খ্যাতি থকা দিগন্ত বৰাৰ ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়তো আছিল প্ৰশিক্ষণ কেন্দ্ৰ (Assam Taekwondo coach died) ৷

উল্লেখ্য যে, বুধবাৰে হায়দৰাবাদত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয় অসম টাইকোৱাণ্ডো দলৰ প্ৰশিক্ষকগৰাকীৰ ৷ 24 ফেব্ৰুৱাৰী পৰা অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কেডেট টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে অসমৰ তিনিগৰাকী খেলুৱৈক লগত লৈ প্ৰশিক্ষক হিচাবে হায়দৰাবাদলৈ গৈছিল দিগন্ত বৰা ৷ কিন্তু বুধবাৰে নৈশ আহাৰ গ্ৰহণ কৰি হোটেললৈ অহাৰ সময়তে এখন তীব্ৰবেগী বাছে মহতিয়াই নিয়ে দিগন্ত বৰাক ৷ পথ অতিক্ৰম কৰিবলৈ লোৱাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো (Diganta Bora accident in Hyderabad) ৷

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতেই তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত ঘোষণা কৰে চিকিৎসকে ৷ ক্ৰীড়া জগতলৈ বিশেষ বৰঙণি আগবঢ়াই অহা প্ৰশিক্ষক দিগন্ত বৰাৰ মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰ ৷

ডিব্ৰুগড় খনীয়া গাঁৱৰ নিবাসী আছিল দিগন্ত বৰা ৷ সমৰ কলাৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত আছিল দিগন্ত বৰা ৷ এগৰাকী সু-প্ৰশিক্ষক হিচাবে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল দিগন্ত বৰাই ৷ ডিব্ৰুগড় টাইকোৱাণ্ডো একাডেমিৰো মুখ্য প্ৰশিক্ষক আছিল দিগন্ত ৷ মৃত্যুৰ সময়ত দিগন্ত বৰাই এৰি থৈ গৈছে পিতৃ-মাতৃ, দুই ভাতৃ, পত্নী আৰু এগৰাকী কন্যা (Diganta Bora killed in road accident) ৷

ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, ডিব্ৰুগড় জিলা টাইকোৱাণ্ডো সন্থা, টাইকোৱাণ্ডো একাডেমি, ডিব্ৰুগড় জিলা জুডো সংস্থা, ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া সঞ্জীৱ উপাধ্যায়, মহকুমা ক্ৰীড়া বিষয়া বিমল চন্দ্ৰ গগৈ, জিলা কাৰাটে সংস্থা, মিলন জ্যোতি সংঘ, জেউতি মৰল সংঘ, অসমী সংঘকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে দিগন্ত বৰাৰ মৃত্যুত প্ৰকাশ কৰিছে গভীৰ শোক ৷

লগতে পঢ়ক: Assam Taekwondo coach died: হায়দৰাবাদত পথ দুৰ্ঘটনাত টাইকোৱাণ্ডো প্ৰশিক্ষক দিগন্ত বৰাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.