টিংখাং, 29 ডিচেম্বৰ: মঙলবাৰে টিংখাং সমষ্টিৰ ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰস্থল ৰাজগড় ব্যৱসায়ী সন্থাৰ 2020-23 বৰ্ষৰ কাৰ্যকালৰ বাৰ্ষিক সভা অনুষ্ঠিত হয় ৷ ৰাজগড় জিলা পৰিষদ ভৱনত অনুষ্ঠিত হয় সভাখন ৷ সন্থাৰ সভাপতি বিপ্লৱ ধাদুমীয়াৰ সঞ্চালনাত অনুষ্ঠিত সভাখনৰ আঁত ধৰে কাৰ্যালয় সম্পাদক অনুপ জয়ছোৱালে ৷ যুটীয়া সম্পাদক দ্বিপজ্যোতি ফুকনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পাচতে, বিগত বৰ্ষটোত সন্থাই কৰা কাম-কাজ সন্দৰ্ভত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে যুটীয়া সম্পাদক নিৰজ জয়ছোৱালে ৷
ৰাজগড় ব্যৱসায়ী সন্থাখন শক্তিশালী কৰি ৰখাৰ স্বাৰ্থত সকলো ব্যৱসায়ীকে সংগঠিত হৈ থাকিবলৈ আহ্বান জনাই ভাষণ প্ৰদান কৰে কোষাধ্যক্ষ চিন্ময়জ্যোতি হাজৰিকাই ৷ সভাত ৰাজগড়ৰ ব্যৱসায়ী সকলৰ বৃহত্তৰ স্বাৰ্থত এখন সংবিধান তৈয়াৰ কৰি ৰাজহুৱা সভাত পাঠ কৰা হয় ৷ সন্থাৰ অন্যতম বিষয়ববীয়া ৰিপু গগৈয়ে সংবিধান খন ৰাইজৰ জ্ঞাতেৰ্থে পাঠ কৰে ৷ সংবিধান খনে ৰাজগড়ৰ ব্যৱসায়ী সকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত ৰক্ষা কবচৰ দৰে কাম কৰিব বুলি সভাপতি বিপ্লৱ ধাদুমীয়াই মন্তব্য কৰে ৷ তদুপৰি সন্থাৰ অধীনৰ কোনো ব্যৱসায়ীয়ে যদি সংবিধানখন অৱমাননা তথা সংবিধান বহিৰ্ভুত কাম কৰে তেন্তে তেওঁৰ বিৰুদ্ধে সন্থাই ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সদৰী কৰে ৷ উপ-সভাপতি ব্ৰিজ পাল সিং, মহেন্দ্ৰ দত্ত আদিৰ লগতে বিষয়ববীয়া সকলৰ ওপৰিও ৰাজগড়ৰ সকলো ব্যৱসায়ীয়ে নিজৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি সভাখনত সহযোগিতা আগবঢ়ায় ৷
লগতে পঢ়ক: নগাঁৱত কৃষকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন আৰক্ষীৰ