ETV Bharat / state

থাৰ্মকলেৰে জাপি, শৰাই সাজি অভিলেখ গঢ়াৰ সপোন মৌচমৰ - জাপি

ক'ভিড পৰিস্থিতিৰ বাবে এতিয়া বিদ্যালয়কে ধৰি সকলো বন্ধ হৈ থকাত ঘৰৰ চাৰিবেৰৰ মাজত সকলো আৱদ্ধ থাকিবলগীয়া হৈছে । এনে পৰিস্থিতিত বিশেষকৈ যুৱ প্ৰজন্মই আজৰি সময়ত নিজৰ সুপ্ত প্ৰতিভাক বিকশিত কৰি এটাৰ পাছত আন এটা অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ তেনে এজন যুৱক হৈছে ডিব্ৰুগড়ৰ মৌচম সোণোৱাল ৷

An unique step taking by a youth of a Dibrugarh
থাৰ্মকলেৰে জাপি, শৰাই সাজি অভিলেখ গঢ়াৰ সপোন মৌচমৰ
author img

By

Published : Aug 28, 2021, 12:22 PM IST

মৰাণ, 28 আগষ্ট : থাৰ্মকলেৰে এক লাখ জাপি, শৰাই সাজি বিশ্ব ৰেকৰ্ড গঢ়াৰ সপোন ডিব্ৰুগড়ৰ জকাইৰ যুৱক মৌচম সোণোৱালৰ ৷ মৌচম সোণোৱালে কেইজনমান ছাত্ৰ-ছাত্ৰীক লগত লৈ পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ কৰিছে বহু প্ৰয়োজনীয় লাগতিয়াল সামগ্ৰী ।

ক'ভিড পৰিস্থিতিৰ বাবে চৰকাৰে বন্ধ কৰি ৰাখিছে বিদ্যালয়সমূহ । এনে সময়ত ডিব্ৰুগড় জকাইৰ কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিদ্যালয়ৰ পাঠ্যপুথি পঢ়াৰ উপৰিও নিৰ্মাণ কৰিছে বিভিন্ন জাপি, শৰাই, দেশীয় প্ৰজাতিৰ চৰাই, ফুল, ফলমূল, ভিন্ন দেশৰ দৃশ্য ।

থাৰ্মকলেৰে জাপি, শৰাই সাজি অভিলেখ গঢ়াৰ সপোন মৌচমৰ

মাছৰ কাৰ্টনৰ পৰা জাপি, শৰাই, ফেবিকল আঠাৰ লগত ধান-চাউলেৰে বিভিন্ন দৃশ্য অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে মৌচমে । ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীসকলক লৈ বৃহৎ উদ্দেশ্যৰে আগবাঢ়ি যোৱাৰ সপোন পুহি ৰাখিছে । ইতিমধ্যে বহু হাজাৰ জাপি, শৰাই, মাছৰ কাৰ্টনৰ পৰা নিৰ্মাণ কৰি ৰং-তুলিকাৰে সজাই তুলিছে যুৱকজনে । এক লাখ জাপি আৰু শৰাই থাৰ্মকলৰ পৰা নিৰ্মাণ কৰি বিশ্ব অভিলেখ গঢ়াৰ প্ৰচেষ্টা চলাইছে মৌচমে ।

লগতে পঢ়ক : দোষীয়ে প্ৰায়চিত্ত কৰিব লাগিব : ভাস্কৰজ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.