ETV Bharat / state

ডিব্ৰুগড়ত ৰাসায়নিক সাৰৰ দোকানত প্ৰশাসনৰ অভিযান

author img

By

Published : Jun 23, 2021, 10:54 PM IST

কৃষিমন্ত্ৰী অতুল বৰাই কিছুদিন পূৰ্বে মৰাণত ইউৰিয়াৰ দাম বৃদ্ধি কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰিছিল । মন্ত্ৰীগৰাকীয়ে ইউৰিয়াৰ দাম বৃদ্ধি কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰিছিল ৷

ডিব্ৰুগড়ত ৰাসায়নিক সাৰৰ দোকানত প্ৰশাসনৰ অভিযান
ডিব্ৰুগড়ত ৰাসায়নিক সাৰৰ দোকানত প্ৰশাসনৰ অভিযান

মৰাণ, 23 জুন : ডিব্ৰুগড় জিলা প্ৰশাসনে বুধবাৰে জিলাখনৰ ৰাসায়নিক সাৰৰ দোকানত অভিযান চলায় । ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ কাৰ্যকৰী দণ্ডাধীশে কৃষি উন্নয়ন বিষয়াসকলৰ লগত জিলাখনৰ অন্তৰ্গত বিভিন্ন স্থানৰ কীটনাশক আৰু ৰাসায়নিক সাৰ বিক্ৰী কৰা পাইকাৰী আৰু খুচুৰা দোকানসমূহ নিৰীক্ষণ কৰে । প্ৰশাসনৰ নেতৃত্বত যোৱা দলটোৱে ৰাসায়নিক সাৰৰ দাম বৃদ্ধি নকৰিবলৈ ব্যৱসায়ীসকলক আহ্বান জনায় ।

উল্লেখ্য যে, শালি খেতি বতৰত কৃষকৰ মূৰত ৰাম টাঙোন শোধাই একাংশ অসাধু ব্যৱসায়ীয়ে ৰাসায়নিক সাৰ, ইউৰিয়াৰ দাম বৃদ্ধি কৰি আহিছে । ফলত ৰাজ্যৰ কৃষকে অধিক দামত ৰাসায়নিক সাৰ ক্ৰয় কৰিব লগা হৈছে । কেইদিনমান পূৰ্বে মৰাণত কৃষিমন্ত্ৰী অতুল বৰাই ইউৰিয়া দাম বৃদ্ধি কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মত প্ৰকাশ কৰিছিল । মন্ত্ৰীগৰাকীয়ে লগতে ইউৰিয়াৰ দাম নিৰ্ধাৰণ সন্দৰ্ভত জিলা উপায়ুক্তৰ লগত আলোচনা কৰাৰ লগতে ইউৰিয়াৰ দাম বৃদ্ধি কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰিছিল ৷

লগতে পঢ়ক : বৰছিং বে’ক পুৰষ্কৃত কৰিলে DGP ভাস্কৰজ্যোতি মহন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.