ETV Bharat / state

ডিব্ৰুগড়ৰ নগৰৰ কৃত্ৰিম বান প্ৰতিৰোধৰ সন্দৰ্ভত জিলা প্ৰশাসনৰ বৈঠক

বুধবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ নগৰ অঞ্চলৰ কৃত্ৰিম বান প্ৰতিৰোধৰ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰা হয় । বাৰিষাৰ পূৰ্বেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তৎপৰ হৈছে জিলা প্ৰশাসন ।

author img

By

Published : Mar 31, 2021, 9:50 PM IST

ডিব্ৰুগড়ৰ নগৰ অঞ্চলৰ কৃত্ৰিম বান প্ৰতিৰোধৰ সন্দৰ্ভত জিলা প্ৰশাসনৰ বৈঠক

মৰাণ, ৩১ মাৰ্চ: ডিব্ৰুগড় চহৰবাসীক কৃত্ৰিম বানৰ সমস্যাৰ পৰা ৰক্ষা কৰাৰ বাবে এইবাৰে আগতীয়াকৈ কেতবোৰ পৰিকল্পনা যুগুত কৰিছে জিলা প্ৰশাসনে । ডিব্ৰুগড় চহৰবাসীৰ বাবে এক ডাঙৰ সমস্যা হৈছে কৃত্ৰিম বান । বিশেষকৈ বিগত বৰ্ষত বাৰিষা এসপ্তাহ ধৰি চহৰখন কৃত্ৰিম বানে প্লাবিত কৰিছিল । ফলত জনজীৱন ব্যাহত হৈ পৰিছিল । সেয়ে, এইবাৰ আগতীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ।

বুধবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভা নিৰ্বাচন অনুষ্ঠিত হয় । এই সভাত বাৰিষা ডিব্ৰুগড়ৰ নগৰাঞ্চলত কৃত্ৰিম বান প্ৰতিৰোধৰ ক্ষেত্ৰত বিভিন্ন বিভাগসমূহে ল'ব লগীয়া আগতীয়া প্ৰস্তুতি সম্পৰ্কে বিষদভাৱে আলোচনা কৰা হয় ।

বিশেষকৈ নলা-নৰ্দমাসমূহ চাফ-চিকুণ কৰা, পানী নিষ্কাষণৰ বাবে ব্যৱহৃত পাম্পসমূহ সুচল কৰি ৰখা, বিভিন্ন স্থানত ৰাইজে অহা-যোৱা কৰাত অসুবিধাৰ সৃষ্টি হ'ব পৰা স্থানসমূহ চিহ্নিত কৰি যাৱতীয় ব্যৱস্থা লোৱা আদি বিষয়সমূহৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্ত গৰাকীয়ে সংশ্লিষ্ট বিভাগ সমূহক নিৰ্দেশ দিয়ে । এই বৈঠকত অতিৰিক্ত উপায়ুক্ত ক্ৰমে ৰঞ্জিত কোঁৱৰ, ৰাজীৱ থাপা, তপন কুমাৰ গোহাঁই প্ৰমুখ্যে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা কাৰ্বি আংলঙৰ নিৰ্বাচনী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.