ETV Bharat / state

Dibrugarh News: মন্ত্ৰী বিমল বড়াৰ গৃহ পঞ্চায়তত থান নিৰ্মাণৰ নামত আবণ্টিত ধন আত্মসাৎ কৰাৰ অভিযোগ - গজাই মনাই থান

মন্ত্ৰী বিমল বৰাৰ গৃহ পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ টিংখাঙৰ ঐতিহাসিক গজাই মনাই থান উন্নয়নৰ ক্ষেত্ৰত এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ সংবাদমেল অনুষ্ঠিত কৰি দুৰ্নীতিৰ তদন্তৰ বাবে আহ্বান জনালে টিংখাঙৰ কমাৰচুক বকলীয়াল উন্নয়ন সমিতিয়ে ৷

Dibrugarh News
Dibrugarh News
author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 9:57 PM IST

মন্ত্ৰী বিমল বড়াৰ গৃহ পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ডিব্ৰুগড়, 27 ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰে নামঘৰ, ঐতিহাসিক থান, মন্দিৰ আদি নিৰ্মাণৰ বাবে পুঁজি মোকলাই দিছে । ইতিমধ্যে ৰাজ্যৰ সকলো ঠাইতে নামঘৰ, মন্দিৰ আৰু ঐতিহাসিক থানসমূহ আটক ধুনীয়াকৈ নিৰ্মাণ কৰি তোলা হৈছে । কিন্তু কেবিনেট মন্ত্ৰী বিমল বড়াৰ গৃহ পঞ্চায়তৰ ঐতিহাসিক থান নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ শ্লোগান দিয়াৰ মাজতে টিংখাং সমষ্টিৰ বৰবাম গাঁও পঞ্চায়তৰ MGNREGA আঁচনি ৰূপায়ণত পঞ্চায়ত সভাপতি আৰু ঠিকাদাৰে অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি টিংখাঙৰ 18 খন গাঁওৰ ভিত্তিত স্থাপন হোৱা বকলীয়াল জনগোষ্ঠীসকলৰ অতি পুৰণি গজাই মনাই থানলৈ পঞ্চায়তৰ ফালৰ পৰা আৱণ্টন হৈছিল 5,92,812 টকা আৰু বিধায়ক পুঁজিৰ ফালৰ পৰা আৱণ্টন হৈছিল 5 লাখ টকা ।

কিন্তু এই আৱণ্টিত টকা কাম নকৰাকৈ হৰলুকি কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । বুধবাৰে থানৰ চৌহদতে সংবাদমেল অনুষ্ঠিত কৰি টিংখাঙৰ কমাৰচুক বকলীয়াল উন্নয়ন সমিতিৰ বিষয়ববীয়াসকলে মন্ত্ৰী বিমল বড়াৰ নিজ পঞ্চায়ত সভাপতি সাৰঙ্গ বকলীয়াল আৰু ঠিকাদাৰ শিক্ষক কন্দৰ্প বকলীয়ালৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ।

ৰাইজৰ অভিযোগক অলপো গুৰুত্ব নিদি কেৱল দুটা দিন থানৰ চৌহদত মাটি পেলোৱাৰ কাম কৰাৰ লগতে আধৰুৱা কৈ নিৰ্মাণ কৰিলে থানৰ দেৱাল । এই সন্দৰ্ভত টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াই শিক্ষক ৰূপী ঠিকাদাৰ কন্দৰ্প বকলীয়ালক কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল যদিও মন্ত্ৰীৰ নিৰ্দেশক গুৰুত্ব নিদিলে বুলি ৰাইজে সংবাদমেলত উল্লেখ কৰে ।

সেয়ে ৰাইজে সংবাদমেল অনুষ্ঠিত কৰি মন্ত্ৰী বিমল বড়াক ঐতিহাসিক গজাই মনাই থান উন্নয়নত সংঘটিত ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক: Jogen Mohan on tea estate labours salary; চাহ জনগোষ্ঠীক লৈ বহুতে ৰাজনীতি কৰি আছে যদিও আজিকালি বাগিচাৰ ৰাইজ সচেতন হৈছে : যোগেন মহন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.