ETV Bharat / state

সোণাৰিৰ মথুৰাপুৰ মনিয়াহোলা প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Aug 31, 2022, 1:43 PM IST

Updated : Aug 31, 2022, 4:29 PM IST

সোণাৰি শিক্ষাখণ্ডৰ অধীনস্থ মথুৰাপুৰ মনিয়াহোলা প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ প্ৰধান শিক্ষকে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ গুৰুতৰ অভিযোগ ৷ প্ৰধান শিক্ষক আতিকুৰ ৰহমানৰ বিৰুদ্ধে এই অভিযোগ স্থানীয় ৰাইজৰ (Allegation of headmaster spoiling atmosphere of school)৷

Allegation of headmaster spoiling the atmosphere of school
সোণাৰি শিক্ষাখণ্ডৰ অধীনস্থ মথুৰাপুৰ মনিয়াহোলা প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

মৰাণ, 31 আগষ্ট: সোণাৰি শিক্ষাখণ্ডৰ অধীনস্থ মথুৰাপুৰ মনিয়াহোলা প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ এগৰাকী প্ৰধান শিক্ষকে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ গুৰুতৰ অভিযোগ (Allegation of headmaster spoiling atmosphere of school) ৷

উল্লেখ্য যে, সোণাৰি শিক্ষাখণ্ডৰ অধীনস্থ মথুৰাপুৰ মনিয়াহোলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আতিকুৰ ৰহমানে বিদ্যালয়ৰ শ্ৰেণীকোঠাত এটা পৰিয়ালক অবৈধভাৱে আশ্ৰয় দিয়াৰ লগতে খালী সুৰাৰ বটল জমা কৰি ব্যৱসায় কৰিবলৈ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । প্ৰধান শিক্ষকগৰাকীয়ে পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজৰ অজ্ঞাতে কামৰূপ জিলাৰ এগৰাকী ফেৰিৱালাক বিদ্যালয়ৰ শ্ৰেণীকোঠাত আশ্ৰয় দিয়াত অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

আজি বিদ্যালয়ত অভিভাৱকসহ স্থানীয় ৰাইজে বিদ্যালয়ত উপস্থিত হৈ প্ৰধান শিক্ষকগৰাকীৰ পৰা এই বিষয়ে জানিব বিচৰাত দুয়ো পক্ষৰ মাজত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ পিছত ঘটনাস্থলীত মথুৰাপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ লগতে প্ৰধান শিক্ষকগৰাকী আৰু বিদ্যালয়ত আশ্ৰয় লৈ থকা পৰিয়ালটোক থানালৈ লৈ যায় ৷

পিছত মথুৰাপুৰ আৰক্ষীয়ে দুয়োটা পক্ষৰ মাজত আলোচনাৰ মাধ্যমেৰে বিষয়টো সমাধানৰ চেষ্টা চলায় যদিও ক্ষুব্ধ ৰাইজে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে সোণাৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়ালৈ এক লিখিত অভিযোগ চি আৰ চিৰ জৰিয়তে প্ৰেৰণ কৰি শিক্ষকগৰাকীৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ দাবী জনায় ৷

লগতে পঢ়ক: প্ৰধান শিক্ষকে ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি নিশা উত্তাল জয়পুৰ থানা

Last Updated : Aug 31, 2022, 4:29 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.