ETV Bharat / state

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা টিংখাং আঞ্চলিক সমিতিৰ সংবাদমেল - সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা

কেঁচা চাহপাতৰ নিম্নগামী মূল্য । হাহাকাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ । সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা টিংখাং আঞ্চলিক সমিতিৰ সংবাদমেল ।

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা টিংখাং আঞ্চলিক সমিতিৰ সংবাদমেল
author img

By

Published : Sep 16, 2019, 8:38 PM IST

টিংখাং, 16 চেপ্তেম্বৰঃ অসমৰ ক্ষুদ্ৰ চাহ খেতিৰ সৈতে জড়িত ১৫ লাখৰো অধিক পৰিয়ালৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ডিব্ৰুগড়ৰ জিলাৰ টিংখাঙত সেউজ সোণৰ মূল্য উৎপাদনী ব্যয়তকৈ হ্ৰাস পাইছে। যাৰ ফলত কপালৰ ঘাম মাটিত পেলাই ক্ষুদ্ৰ চাহ খেতিয়ক সকলে উৎপাদন কৰা কেঁচা চাহপাত পানী দৰত বিক্ৰী কৰিবলগীয়া হৈছে। বৰ্তমান ১২-১৩ টকা দৰত বিক্ৰী কৰা হৈছে কেঁচা চাহপাত । বৃহৎ চাহ কোম্পানী আৰু বটলীফ ফেক্টৰীৰ চৰম মইমতালিত উচিত মূল্যৰ পৰা বঞ্চিত হৈ হাহাকাৰ কৰিবলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। ভাৰতীয় চাহ বৰ্ড আৰু বটলীফ ফেক্টৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি আন্দোলনৰ হুংকাৰ দিছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা টিংখাং আঞ্চলিক সমিতিয়ে ।

উল্লেখযোগ্য যে, দেওবাৰে সন্ধিয়া সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ টিংখাং আঞ্চলিক সমিতিয়ে সন্থাৰ ৰাজগড়স্থিত স্থায়ী কাৰ্যালয় সোণেশ্বৰ ভৱনত এক সংবাদ মেল অনুষ্ঠিত কৰি টিংখাং আঞ্চলিক সমিতিৰ সভাপতি সুবোধ কুমাৰ গগৈ, সম্পাদক তপন চেলেং,উপদেষ্টা প্ৰেম বৰগোঁহাই, ভাৰতীয় চাহ বৰ্ডে পলায়নবাদী ভূমিকা পালন কৰি পুঁজিপতি গোষ্ঠীৰ সৈতে গোপন বুজাবুজি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে এই ক্ষেত্ৰত অসম চৰকাৰক এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিষয়বৱীয়াই । তদুপৰি বৃহৎ পুঁজিপতি গোষ্ঠীয়ে কৌশলেৰে ৰাসায়নিক সাৰৰ কৃত্ৰিম নাতনি কৰি সাৰৰ মূল্য বৃদ্ধি কৰি ক্ষুদ্ৰ চাহ খেতিয়ক সকলক সমস্যাত পেলাইছে। এই ক্ষেত্ৰতো প্ৰশাসন আৰু চৰকাৰক ক্ষুদ্ৰ চাহ খেতিয়কৰ স্বাৰ্থত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই । শীঘ্ৰে কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদান নকৰিলে ৰাজপথলৈ ওলাই আহি আন্দোলন কৰিবলৈ বাধ্য হব ক্ষুদ্ৰ চাহ খেতিয়ক সকল ।

Intro:কেচা চাহপাতৰ নিম্নগামী মূল্য। হাহাকাৰ ক্ষুদ্ৰ চাহ খেতিয়ক। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা টিংখাং আঞ্চলিক সমিতিৰ সংবাদমেল।

Body:টিংখাং- অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সৈতে জড়িত ১৫ লাখৰো অধিক পৰিয়ালৰ মাজত সম্প্ৰত্তি আৰম্ভ হৈছে হাহাকাৰ। ডিব্ৰুগড়ৰ জিলাৰ টিংখাঙত সেউজ সোণৰ মূল্য উৎপাদনী ব‍্যয়তকৈ হ্ৰাস পাইছে। যাৰ ফলত কপালৰ ঘাম মাটিত পেলাই ক্ষুদ্ৰ চাহ খেতিয়ক সকলে উৎপাদন কৰা কেঁচা চাহপাত পানী দৰত বিক্ৰী কৰিব লাগিয়া হৈছে। বৰ্তমান ১২-১৩ টকা দৰত বিক্ৰী কৰা হৈছে কেঁচা চাহপাত। বৃহৎ চাহ কোম্পানী আৰু বটলীফ ফেক্টৰীৰ চৰম মৈমতালিত উচিত মূল্যৰ পৰা বঞ্চিত হৈ হাহাকাৰ কৰিবলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। ভাৰতীয় চাহ বৰ্ড আৰু বটলীফ ফেক্টৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি আন্দোলনৰ হুংকাৰ দিছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা টিংখাং আঞ্চলিক সমিতিয়ে। Conclusion:উল্লেখযোগ্য যে,দেওবাৰে সন্ধিয়া সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ টিংখাং আঞ্চলিক সমিতিয়ে সন্থাৰ ৰাজগড়স্থিত স্হায়ী কাৰ্যালয়ৰ সোণেশ্বৰ ভৱনত এক সংবাদ মেল অনুষ্ঠিত কৰি টিংখাং আঞ্চলিক সমিতিৰ সভাপতি সুবোধ কুমাৰ গগৈ, সম্পাদক তপন চেলেং,উপদেষ্টা প্ৰেম বৰগোঁহাই, ভাৰতীয় চাহ বৰ্ডে পলায়নবাদী ভূমিকা পালন কৰি পুজিপতি গোষ্ঠীৰ সৈতে গোপন বুজাবুজি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে এই ক্ষেত্ৰত অসম চৰকাৰক এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিষয়বৱীয়াই । তদুপৰি বৃহৎ পুজিপতি গোষ্ঠীয়ে কৌশলেৰে ৰাসায়নিক সাৰৰ কৃত্ৰিম নাতনি কৰি সাৰৰ মূল্য বৃদ্ধি কৰি ক্ষুদ্ৰ চাহ খেতিয়ক সকলক সমস্যাত পেলাইছে। এই ক্ষেত্ৰতো প্ৰশাসন আৰু চৰকাৰক ক্ষুদ্ৰ চাহ খেতিয়কৰ স্বাৰ্থত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই । শীঘ্ৰে কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদান নকৰিলে ৰাজপথলৈ ওলাই আহি আন্দোলন কৰিবলৈ বাধ্য হব ক্ষুদ্ৰ চাহ খেতিয়ক সকল।

টিংখাঙৰ পৰা দীপক গগৈ,ই টিভি ভাৰত,অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.