ETV Bharat / state

Junmoni Rabha death case: ৰহস্যৰ আৱৰ্তত জোনমণিৰ মৃত্যু; তদন্ত বিচাৰিছে বিভিন্নজনে - Junmoni Rabha death updates

আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক লৈ ইতিমধ্যে চৰ্চা অব্যাহত আছে বিভিন্ন মহলত ৷ সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পণ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ বুধবাৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে (Junmoni Rabha death case) ৷

Junmoni Rabha death case
CID to probe on Junmoni Rabha death case
author img

By

Published : May 17, 2023, 4:23 PM IST

ৰহস্যৰ আৱৰ্তত জোনমণিৰ মৃত্যু

ডিব্ৰুগড়, 17 মে’: আৰক্ষী বিষয়া SI জোনমণি ৰাভাৰ মৃত্যুৰ পাচতেই সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰা পৰিলক্ষিত হৈছে ৷ সমগ্ৰ ৰাজ্যতে ব্যাপক চৰ্চা হৈছে এই বিষটোক লৈ ৷ সামাজিক মাধ্যমতো বিভিন্নজনে নিজৰ মত প্ৰকাশ কৰিছে জোনমণি ৰাভাৰ দুৰ্ঘটনা সন্দৰ্ভত । পৰিয়ালৰ লগতে সচেতন ৰাইজে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক সহজভাৱে ল'ব পৰা নাই । জোনমণিক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ অসম আৰক্ষীৰ লোকৰ বিৰুদ্ধেই উঠিছে এই সন্দেহৰ আঙুলি (Akhil Gogoi reacts to Junmoni Rabha death case) ৷

বুধবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে জোনমণি ৰাভাৰ মৃত্যু ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে এই সমগ্ৰ ঘটনাক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় । অৱশ্যে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ইতিমধ্যেই জোনমণি ৰাভাৰ দুৰ্ঘটনা সন্দৰ্ভত চি আই ডিক তদন্তৰ নিৰ্দেশ দিছে (Junmoni Rabha death case) ৷

লগতে পঢ়ক: SI Junmoni Rabha Death: জোনবাইৰ দেশলৈ গুচি গ’ল SI জোনমণি; মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি

উল্লেখযোগ্য যে, সোমবাৰে নিশা প্ৰায় 1.30 বজাত নগাঁও জিলাৰ জখলাবন্ধাৰ সৰুভগীয়াত হোৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ অকাল মৃত্যু ঘটে । নগাঁৱৰ পৰা উজনি অসমৰ দিশে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন কন্টেইনাৰ ট্ৰাকত খুন্দা মাৰে জোনমণিৰ বাহনখনে (CID to probe on Junmoni Rabha death case) ৷

জোনমণিৰ মৃত্যুৰ পাচতেই বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে ঘটনাটোক লৈ ৷ একাংশৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷ আন একাংশই আকৌ এই ঘটনাক আত্মহত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ তাৰ মাজতে উন্মোচিত হৈছে এটা চাঞ্চল্য়কৰ খবৰ ৷ জোনমণি দুৰ্ঘটনাত পতিত হোৱাৰ দিনাই নিশা প্ৰায় 2 বজাত তেওঁৰ কোৱাৰ্টাৰত চলিছিল আৰক্ষীৰ অভিযান ৷ জোনমণিৰ কোঠাৰ পৰা এক লাখ টকা জব্দ কৰিছিল আৰক্ষীয়ে (Junmoni Rabha death updates) ৷

ইফালে সোমবাৰে নিশা জোনমণিৰ বিৰুদ্ধে লখিমপুৰত এটা গোচৰ দাখিল কৰিছিল এগৰাকী মহিলাই ৷ আজগৰ আলী নামৰ এজন যুৱকক ধন দাবী কৰাৰ লগতে বিনা দোষত অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছিল জোনমণিৰ বিৰুদ্ধে ৷ এতিয়া যিহেতু সমগ্ৰ ঘটনা সন্দৰ্ভত চি আই ডিক তদন্তৰ নিৰ্দেশ দিয়া হৈছে, গতিকে তদন্তৰ পাচতহে পোহৰলৈ আহিব জোনমণিৰ মৃত্যু প্ৰকৃতে স্বাভাৱিক নে অস্বাভাৱিক (SI Junmoni Rabha News) ৷

লগতে পঢ়ক: Junmoni Rabha: ৰহস্যৰ আৱৰ্তত জোনমণি ৰাভাৰ মৃত্যু; হত্যা, আত্মহত্যা নে দুৰ্ঘটনা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.