ডিব্ৰুগড়, 15 ডিচেম্বৰ : নৱ গঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদলৈ লুৰিণজ্যোতি গগৈৰ আগমনক লৈ উৎফুল্লিত দলটোৰ কৰ্মকৰ্তা সকল। ডিব্ৰুগড়ত জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক বীৰেন বৰুৱা সহ অন্যান্য সকলে আয়োজন কৰে সংবাদমেলৰ ।
অসম গণ পৰিষদ আঞ্চলিক দল হৈ থকা নাই । আঞ্চলিক দল অগপক বিজেপিয়ে ইতিমধ্যে গ্ৰাস কৰিলে। সেইয়ে অসমৰ ৰাইজে এতিয়া অসমত এটা শক্তিশালী আঞ্চলিক দলৰ অপেক্ষাত আছে আৰু সেইটোৱেই অসম জাতীয় পৰিষদ বুলি সংবাদ মেলত উল্লেখ কৰে বীৰেন বৰুৱাই । ইতিমধ্যে আঞ্চলিক শক্তি শক্তিশালী ৰূপত গঠন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখি ডিব্ৰুগড়ত প্ৰতি দিনে শ-শ লোকে যোগদান কৰি আছে বুলি উল্লেখ কৰে ৰাজ্যিক আহ্বায়ক গৰাকীয়ে ।
আনহাতে লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদত যোগদান কৰাৰ ঘোষণাক লৈ জাতীয় পৰিষদৰ কৰ্মকৰ্তা সকল উৎফুল্লিত হৈ পৰা বুলিও মন্তব্য কৰে বীৰেন বৰুৱাই ।
অসমীয়া খিলঞ্জীয়া লোকৰ স্বাৰ্থ কোনো কাৰণতে বিঘ্নিত হবলৈ দিয়া নহব বুলি উল্লেখ কৰি জাতীয় ভাবাপন্ন সকলো ব্যক্তিক দললৈ আদৰণি জনাব বুলি সদৰি কৰে আহ্বায়ক বীৰেন বৰুৱাই। শিৱসাগৰ অভিৱৰ্তনতে ৰাইজৰ দলৰ লগত ঐক্যবদ্ধ ভাবে তথা আঞ্চলিক শক্তি এক হৈ যুঁজাৰ বাবে আলোচনা হ‘ব বুলিও উল্লেখ কৰে ৰাজ্যিক আহ্বায়কগৰাকীয়ে ।
লগতে পঢ়ক: শিৱসাগৰত বিজেপিৰ যোগদান সমাৰোহ