ETV Bharat / state

চাবুৱাৰ অসম জাতীয় পৰিষদত যোগদান সভাত কি ক’লে লুৰীণে ?

author img

By

Published : Jan 29, 2021, 8:29 PM IST

শুকুৰবাৰে চাবুৱাত অসম জাতীয় পৰিষদৰ বিশাল যোগদান ৰাজহুৱা সভাৰ আয়োজন ৷ সভাত উপস্থিত থাকি 21ৰ বিধানসভা নিৰ্বাচনত দিছপুৰত অসম জাতীয় পৰিষদৰ চৰকাৰ গঠন হ’ব বুলি মন্তব্য কৰে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷ উক্ত যোগদান সভাত প্ৰাক্তন আছু নেতা শৈলেন বৰুৱা আৰু 500 জন আছু সদস্যই যোগদান কৰে দলটোত ৷

lurinjyoti gogoi at chabua
চাবুৱাত লুৰীণজ্যোতি গগৈ

মৰাণ,29 জানুৱাৰী : মুখ্যমন্ত্ৰী সোণোৱালৰ গৃহ চহৰ ডিব্ৰুগড়ৰ চাবুৱাত শুকুৰবাৰে অনুষ্ঠিত হয় অসম জাতীয় পৰিষদ দলৰ এক বিশাল যোগদান ৰাজহুৱা সভা ৷ এই সভাত উপস্থিত থাকে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷

চাবুৱাৰ ইয়ং ব্লু ক্লাৱৰ খেলপথাৰত অনুষ্ঠিত হোৱা যোগদান সভাত উপস্থিত থাকি 21ৰ বিধানসভা নিৰ্বাচনত দিছপুৰত অসম জাতীয় পৰিষদৰ চৰকাৰ গঠন হ’ব বুলি মন্তব্য কৰে সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

চাবুৱাত লুৰীণজ্যোতি গগৈ

লগতে তেওঁ কয় যে, মুখ্যমন্ত্ৰী মৌন হৈ থাকিব পাৰে, কিন্তু চাবুৱাবাসী ৰাইজ মৌন হৈ নাথাকে । এই চাবুৱাতেই সকলোতকৈ বেছি হৈছিল ‘কা’বিৰোধী প্ৰতিবাদ ৷ চাবুৱাবাসী ৰাইজ এতিয়া লজ্জিত । বিনামূলীয়া চাউল খুৱাই 80 টকাত পিঁয়াজ কিয়? বিনামূলীয়া চাউল খুৱাই 60 টকাত আলু কিয়? হিমন্ত বিশ্ব শৰ্মা-সৰ্বানন্দ সোণোৱালে নিজৰ শ্বেভিংছ একাউণ্টৰ পৰা আপোনালোকক পইচা দিয়া নাই । হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ মাজত সম্পৰ্ক আছে । তেওঁলোকে ইয়াতহে বিৰোধিতা কৰে, দুয়োজনৰ মাজত গোপন সম্পৰ্ক আছে বুলি বিস্ফোৰক মন্তব্য কৰে সভাপতি লুৰীণে ।

সভাত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈসহ চিত্তৰঞ্জন বসুমতাৰী আৰু বহুকেইগৰাকী শীৰ্ষ নেতা ৷ উক্ত যোগদান সভাত প্ৰাক্তন আছু নেতা শৈলেন বৰুৱা আৰু 500 জন আছু সদস্যই অসম জাতীয় পৰিষদত যোগদান কৰে ৷

লগতে পঢ়ক : ৰাইজৰ দলেৰে মিত্ৰতা নিশ্চিত এজেপিৰঃ দুলু আহমেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.