ETV Bharat / state

ৰেচন কাৰ্ড প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ এজেন্টৰ বিৰুদ্ধে

author img

By

Published : Jul 22, 2021, 8:44 AM IST

Updated : Jul 24, 2021, 9:58 AM IST

হিতাধিকাৰিক নতুন ৰেচন কাৰ্ড (RATION CARD) প্ৰদানৰ বাবদ ১৫০, ৩৫০ ৰ পৰা ৫০০ টকা পৰ্যন্ত ধন দাবীৰ অভিযোগ উঠিছে এজেণ্ট ৰাম প্ৰসাদ ৰাওৰ বিৰুদ্ধে ।

agent-collecting-money-giving-ration-card-in-tingkhong
ৰেচন কাৰ্ড প্ৰদানৰ নামত হিতাধিকাৰি পৰা ধন সংগ্ৰহৰ অভিযোগ এজেন্টৰ বিৰুদ্ধে

টিংখাং, 21 জুলাই : টিংখাঙত ৰেচন কাৰ্ডৰ বিনিময়ত হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে । টিংখাং সমবায় সমিতিৰ অধীনৰ লাক্ৰিবাম চাহ বাগিচাৰ সুলভ মূল্য দোকানৰ এজেণ্ট ৰাম প্ৰসাদ ৰাওৰ (RAM PRASAD RAO) বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে । উল্লেখযোগ্য যে, হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড (RATION CARD) প্ৰদানৰ বাবদ ১৫০, ৩৫০ ৰ পৰা ৫০০ টকা পৰ্যন্ত ধন দাবীৰ অভিযোগ উঠিছে এজেণ্ট ৰাম প্ৰসাদ ৰাওৰ বিৰুদ্ধে ।

লগতে মৃত হিতাধিকাৰীৰ পৰা পৰিয়ালৰ অন্য লোকৰ নামত ৰেচন কাৰ্ড বনাই দিয়াৰ নামত ১০০০ টকাকৈ সুলভ মূল্যৰ এজেণ্টজনে ধন লোৱা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী লোকে ৷ মনকৰিবলগীয়া যে, ক‘ৰণা কালিন (COVID-19) জটিল পৰিস্থিতিৰ মাজতে দৰিদ্ৰ লোকৰ পৰা এনেদৰে অসৎ উপায়েৰে ধন সংগ্ৰহ কৰা ঘটনাক তীব্ৰ বিৰোধিতা কৰিছে আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় শ্ৰমিক সকলে । সম্প্ৰতি এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত উচিত তদন্ত কৰি অভিযুক্ত এজেন্ট গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনাইছে আছাই ।

এনেদৰে আন এক ঘটনা পোহৰলৈ আহিছে টীয়ক (TEOK) সমষ্টিৰ একাংশ গাঁও পঞ্চায়তত উন্নয়নৰ ধন লুন্ঠন চলোৱাৰ ঘটনা । পঞ্চায়ত সমূহৰ একাংশ পঞ্চায়ত প্ৰতিনিধি, চৰকাৰী বিষয়া, কৰ্মচাৰীয়ে উন্নয়নৰ বাবে আৱন্টিত ধন আত্মসাৎ কৰাৰ বাবে উন্নয়ন স্থবিৰ হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে । সমষ্টিটোৰ অন্তৰ্গত কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনস্থ ১ নং চিন্তামনিগড় গাঁও পঞ্চায়তত পঞ্চায়ত প্ৰতিনিধি সকলক অন্ধকাৰত ৰাখি দীৰ্ঘদিন ধৰি স্বয়ং খণ্ড উন্নয়ন বিষয়া অজয় গগৈ আৰু পঞ্চায়ত খনৰ সচিব বিজয়ন্ত বৰঠাকুৰে পঞ্চায়তখনলৈ আবন্টিত উন্নয়নৰ ধন পঞ্চায়তৰ একাউন্টৰ পৰা উলিয়াই থকাৰ অভিযোগ উত্থাপন হৈছে ৷

শেহতীয়াকৈ চতুৰ্দশ বিত্তীয় আয়োগৰ অনুমোদিত পুঁজিৰ কমিচনৰ ধনৰ এক লাখ ছয়সত্তৰ হাজাৰ নশ উনত্ৰিশ টকা ১জুলাইৰ পৰা ৫ জুলাইৰ ভিতৰত লেপটপ, ইনভাৰটাৰ, চেনিটাইজাৰ আদি ক্ৰয় কৰাৰ বাবদ আৰু কাৰ্যালয় খৰচৰ বাবদ একাউন্টৰ পৰা মোকলাই নিয়াৰ তথ্য পোহৰলৈ অহাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়়ক : কবু চাপৰিত MGNREGA আঁচনি ৰূপায়ণত ব্যাপক অনিয়মৰ অভিযোগ

Last Updated : Jul 24, 2021, 9:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.