ETV Bharat / state

লেপেটকটা গেছ ক্ৰেকাৰ প্ৰকল্পত পাইপ ফুটি দুজনৰ দেহত পৰিল এচিড - ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডত অঘটন ৷ মুম্বাইস্থিত বাছু কেমিকেল নামৰ এটি ব্যক্তিগত কোম্পানীৰ কুলিন টাৱাৰ-1ত ছালফিউৰিক এচিড পৰিবাহী এডাল উচ্চ চাপ সম্পন্ন পাইপ ফুটি কোম্পানীটোৰ দুজনকৈ কৰ্মচাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

গেছ ক্ৰেকাৰ প্ৰকল্পত পাইপ ফুটি দুজনৰ দেহত পৰিল এচিড

author img

By

Published : Jan 2, 2021, 5:19 PM IST

Updated : Jan 2, 2021, 6:53 PM IST

ডিব্ৰুগড়, 2 জানুৱাৰী : ডিব্ৰুগড়ৰ লেপেটকটা স্থিত পেট্ৰ’ৰাসায়নিক ৰাষ্ট্ৰীয় প্ৰকল্প ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডত অঘটন । বিচিপিএলৰ কুলিং প্লাণ্টত এচিড পৰি দুজনকৈ কৰ্মচাৰী গুৰুতৰ ভাবে আহত । গ্ৰেছ ক্ৰেকাৰ প্ৰকল্পৰ ''কুলিন টাৱাৰ-1'' ত সংঘটিত হ’ল ভয়াবহ দুৰ্ঘটনাটো । মুম্বাইস্থিত বাছু কেমিকেল নামৰ এটি ব্যক্তিগত কোম্পানীৰ কুলিন টাৱাৰ-1ত ছালফিউৰিক এচিড পৰিবাহী এডাল উচ্চ চাপ সম্পন্ন পাইপ ফুটি কোম্পানীটোৰ দুজনকৈ কৰ্মচাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

কোম্পানীটোৰ কৰ্মচাৰী দুজনৰ নাম হৈছে প্ৰশান্ত কুমাৰ নেওগ (অপাৰেটৰ) আৰু মহিবুৰ ৰহমান (সহায়ক) । ইয়াৰে অপাৰেটৰ প্ৰশান্ত কুমাৰ নেওগ নামৰ কৰ্মচাৰীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান ডিব্ৰুগড় চহৰৰ আস্থা হাস্পতালত চিকিৎসাধীন হৈ আছে । নৱবৰ্ষৰ পহিলা জানুৱাৰীতে এই ঘটনাৰ সংঘটিত হৈছিল যদিও শনিবাৰেহে সাংবাদিকৰ অনুসন্ধানত সমগ্ৰ ঘটনাৰ পোহৰলৈ আহে । আহত পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি ঘটনাৰ বহু সময় অতিক্ৰম কৰা পিছতো এই পৰ্যন্তলৈকে বিচিপিএল কৰ্তৃপক্ষই কোনো ধৰণৰ সহযোগিতা আগবঢ়োৱা নাই । ইয়াৰ পৰিৱৰ্তে বিচিপিএল কৰ্তৃপক্ষই সমগ্ৰ ঘটনা গাপ দিবলৈহে চেষ্টা অব্যাহত ৰাখিছে বুলি পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

লেপেটকটা গেছ ক্ৰেকাৰ প্ৰকল্পত পাইপ ফুটি দুজনৰ দেহত পৰিল এচিড

সুৰক্ষাৰ ব্যৱস্থা নােলােৱাৰ ফলতে চেফ্টি ভাল্ব ফাটি গাত ছালফিউৰিক এচিড ছিটিকি পৰি আহত হয় কর্মচাৰী দুজন । বিচিপিএল কর্তৃপক্ষই কর্মচাৰী দুজনক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হোমত ভর্তি কৰায় । উক্ত ঘটনা পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে প্ৰকল্পত ।

লগতে পঢ়ক : আৱৰ্জনাৰ বিপৰীতে সম্পদ হৈ পৰিছে পানী মেটেকা

Last Updated : Jan 2, 2021, 6:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.