ETV Bharat / state

Protest in Duliajan: দুলীয়াজানত ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰীৰ প্ৰতিকৃতি দাহ - আদিত্য খাকলাৰী

জনজাতিকৰণকলৈ বিতৰ্কিত মন্তব্য সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰীৰ ৷ খাকলাৰীৰ বিৰুদ্ধে দুলীয়াজনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷

AATSA Protest
AATSA Protest
author img

By

Published : Jun 21, 2023, 10:22 PM IST

Protest in Duliajan

ডিব্ৰুগড়, 21 জুন: জনজাতিকৰণক লৈ ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰীয়ে কৰা বিতৰ্কিত মন্তব্যৰ পাচতেই দুলীয়াজানত তেওঁৰ প্ৰতিকৃতি দাহ ৷ আদিত্য খাকলাৰীয়ে আদিবাসীৰ ওপৰত বিৰূপ মন্তব্য কৰা বুলি অভিযোগ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ৷

বুধবাৰে দুলীয়াজানৰ হুকুটা চাৰিআলিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই খাকলাৰীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ অতি শীঘ্ৰে আদিত্য খাকলাৰীয়ে আদিবাসী ৰাইজৰ আগত ক্ষমা নুখুজিলে প্ৰতিবাদ চলাই নিব বুলি মন্তব্য আদিবাসী ছাত্ৰ সন্থাৰ ৷

উল্লেখ্য যে কিছুদিন পূৰ্বে সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰীয়ে আদীবাসীসকলে জনজাতিকৰণ লাভ কৰাৰ অধিকাৰ নাই বুলি মন্তব্য কৰিছিল ৷ ইয়াৰ পাচতে আদিত্য খাকলাৰীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ৷

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনজাতিৰ লোকসকলে জনজাতিকৰণৰ বাবে দাবী উত্থাপন কৰি সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ৷ কিন্তু ট্ৰাইবেল সংঘৰ সম্পাদক খাকলাৰীয়ে কৰা মন্তব্যৰ বাবে এতিয়া জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ৷

আদিবাসী ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে চাহ জনজাতিয়ে আদিত্য খাকলাৰীৰ পৰা জনজাতিকৰণ বিচৰা নাই; জনজাতিকৰণ চাহ জনজাতিৰ প্ৰাপ্য অধিকাৰ আৰু সেই অধিকাৰ চৰকাৰৰ পৰা বিচাৰিছে ৷

অসমৰ চাহ জনজাতিৰ লোকসকলক আদিত্য খাকলাৰীয়ে বহিৰাগত বুলি কৰা মন্তব্যৰো তীব্ৰ বিৰোধিতা কৰি ক্ষোভ উজাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ৷ খাকলাৰীক শীঘ্ৰেই ক্ষমা খোজাৰ দাবী উত্থাপন কৰাৰ লগতে অনাগত দিনত এনে বিৰূপ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈয়ো সংগঠনটোৱে সকীয়নি প্ৰদান কৰে ৷

লগতে পঢ়ক: Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ ফলত কোন কোন মন্ত্ৰী-বিধায়ক হ’ব সমষ্টিবিহীন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.