ETV Bharat / state

নামৰূপ সাৰ কাৰখানাত অনা-অসমীয়া বিষয়াৰ দপদপনি!

author img

By

Published : Aug 24, 2019, 3:28 PM IST

Updated : Aug 24, 2019, 4:26 PM IST

নামৰূপ সাৰ কাৰখানাত চলি আছে চৰম অৰাজকতাৰ অভিযোগ ৷ অসমৰ 855 গৰাকী জাতীয় শ্বহীদৰ আত্মবলিদানৰ বিনিময়ত অসমীয়াই লাভ কৰা উদ্যোগটোত অনা-অসমীয়া বিষয়াৰ দপদপনিৰ অভিযোগ

নামৰূপ সাৰ কাৰখানাত অনা-অসমীয়া বিষয়াৰ দপদপনি

নামৰূপ, 24 আগষ্টঃ নামৰূপ সাৰ-কাৰখানাত চলি আছে চৰম অৰাজকতা ৷ উত্তৰ-পূবৰ একমাত্ৰ সাৰ কাৰখানাৰ পৰা খিলঞ্জীয়াক খেদি পেটে-ভাতে মৰাৰ কূটিল ষড়যন্ত্ৰত লিপ্ত হৈছে অনা-অসমীয়া বিষয়া-কৰ্মচাৰী ৷ স্থানীয় যুৱক-যুৱতীক বঞ্চিত কৰি কাৰখানাটোত নিযুক্ত দি অহা হৈছে বহিৰাগত কৰ্মচাৰীক ৷ এই অভিযোগ আছুৰ ৷

নামৰূপ সাৰ কাৰখানাত অনা-অসমীয়া বিষয়াৰ দপদপনি

2018 চনতে উদ্যোগটোত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে 44টা পদত লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল ৷ কিন্তু আজিলৈকে সেই পৰীক্ষাৰ ফলাফল ঘোষণা নকৰিলে উদ্যোগটোৱে ৷ ইয়াৰ বিপৰীতে সময়ে সময়ে বহিৰাগত প্ৰাৰ্থীক সাৰ কাৰখানাত নিযুক্তি প্ৰদান কৰি আহিছে উদ্যোগটোৱে ৷

বৰ্তমানে উদ্যোগটোৰ পৰিচালন সঞ্চালক সঞ্জয় মহেশ্বৰীৰ অৱসৰৰ দিন উকলি যোৱাত পৰৱৰ্তী পৰিচালন সঞ্চালকৰ বাবে অসীম ঘোষ নামৰ এগৰাকী বিষয়াক বাছনি কৰা হৈছিল যদিও ৰহস্যজনকভাৱে আজিলৈ অসীম ঘোষৰ নিযুক্তি নহ'ল উদ্যোগটোত ৷

উদ্যোগটোৰ এনে কাৰ্যৰ প্ৰতিবাদতে স্থানীয় আছু গোটে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ স্থানীয় আছু কৰ্মীসকলে উদ্যোগটোৰ ঊৰ্ধতম কৰ্তৃপক্ষৰ লগতে সাৰ-মন্ত্ৰী সদানন্দ গৌড়া, কেন্দ্ৰীয় সাৰ মন্ত্ৰালয় আৰু কেন্দ্ৰীয় শ্ৰম আয়ুক্তলৈ স্মাৰকপত্ৰ প্ৰদান কৰে ৷

Intro:নামৰূপ সাৰ কাৰখানাত হিন্দী বলয়ৰ বিষয়া কৰ্মচাৰীৰ উপদ্ৰৱঃ কেন্দ্ৰীয় সাৰ মন্ত্ৰীলৈ সকীয়নি পত্ৰ প্ৰেৰণ নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰঃ

খিলঞ্জীয়াক লাঞ্ছনা! খিলঞ্জীয়াকেই অপমান! খিলঞ্জীয়াক পেটে ভাতে মৰাৰ কুটিল ষড়যন্ত্ৰ উত্তৰ পূবৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰকাৰখানাৰ অনা অসমীয়া বিষয়া কৰ্মচাৰীৰ ।Body: উল্লেখযোগ্য যে ২০১৮ বৰ্ষতে উদ্যোগটোত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে ৪৪ টা পদত লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল যদিও এটাকৈ বছৰ অতিক্ৰম কৰাৰ পিছতো আজি পৰ্যন্ত ঘোষণা নহল লিখিত পৰীক্ষাৰ ফলাফল। আনকি ৰহস্যজনক ভাৱে উদ্যোগটোৰ অনাঅসমীয়া বিষয়া সকলে সময়ে সময়ে ৰাতিটোৰ ভিতৰতে থলুৱা নিৱনুৱাক বঞ্চিত কৰি বহিৰাগত যুৱক যুৱতীক আনি উদ্যোগটোত কৰ্ম সংস্থাপন দি আহিছে আৰু এই সমূহ কথাত অসমীয়া যুৱক যুৱতীৰ হৈ মাত মাতিব গলেই দুৰ্ব্যৱহাৰ সহ্য কৰিব লাগে উদ্যোগটোত কৰ্মৰত অসমীয়া বিষয়া কৰ্মচাৰীয়ে।
তদুপৰি সাৰ উদ্যোগটোৰ পৰিচালন সঞ্চালক সঞ্জয় মহেশ্বৰীৰ অৱসৰৰ দিন ইতিমধ্যে ওকলি যোৱাত পৰৱৰ্তী পৰিচালন সঞ্চালৰ পদৰ বাবে অসীম ঘোষ নামৰ এগৰাকী বিষয়াক বাছনি কৰা হৈছিল যদিও ৰহস্যজনক ভাৱে আজিও বিষয়া গৰাকীক পৰিচালন সঞ্চালকৰ পদত নিযুক্তি প্ৰদান নকৰিলে। যাৰ বাবে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই উদ্যোগটোৰ ঊৰ্ধতম কৰ্তৃপক্ষৰ লগতে সাৰ মন্ত্ৰী সদানন্দ গৌড়া, কেন্দ্ৰীয় সাৰ মন্ত্ৰালয়ৰ আৰু কেন্দ্ৰীয় শ্ৰম আয়ুক্তক চৰম সকীয়নি পত্ৰ প্ৰেৰণ কৰে।Conclusion: যি সময়ত অসমৰ ৮৫৫ গৰাকী জাতীয় শ্বহীদৰ আত্মবলিদানৰ বিনিময়ত অসমীয়াই কেন্দ্ৰীয় চৰকাৰৰ পৰা অসম চুক্তি আধাৰত সাংবিধানিক ৰক্ষা কৱচৰ প্ৰতিশ্ৰুতি লাভ কৰিছে সেই সময়তে উদ্যোগটোৰ ভিতৰৰ এনে অনা অসমীয়া বিষয়া কৰ্মচাৰীৰ মইমতালিয়ে এতিয়া স্তম্ভিত কৰি তুলিছে নামৰূপ বাসীক।

Byte. আছু কৰ্মী ।
Last Updated : Aug 24, 2019, 4:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.