ETV Bharat / state

AASAA stages protes: টিংখাঙত জোকতলী চাহ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্ৰমিকৰ প্ৰতিবাদ - মালিক পক্ষৰ বিৰুদ্ধে শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

সোমবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (আছা) টিংখাং আঞ্চলিক সমিতিয়ে চাহ শ্ৰমিকক লগত লৈ টিংখাং ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (AASAA stages protest at Joonktollee Tea Estate) ।

AASAA stages protest at Joonktollee Tea Estate in Dibrugarh
টিংখাঙত জোকতলী চাহ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্ৰমিকৰ প্ৰতিবাদ
author img

By

Published : Aug 8, 2022, 9:19 PM IST

ডিব্ৰুগড়, 8 আগষ্ট: টিংখাঙৰ জোকতলী চাহ বাগিচাত মালিক পক্ষৰ বিৰুদ্ধে শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ (Tea garden workers protest at Joonktollee Tea Estate) ৷ জানিব পৰা মতে, বাগিচাখনৰ একাংশ শ্ৰমিকে পূৰ্বৰে পৰা ভোগ দখল কৰি অহা কেইবা বিঘা মাটি বাগিচা কৰ্তৃপক্ষই বলপূৰ্বকভাৱে দখল কৰিব বিচৰা কাৰ্যক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জোকতলি চাহ বাগিচাত (Tense situation at Joonktollee Tea Estate) ৷

টিংখাঙত জোকতলী চাহ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্ৰমিকৰ প্ৰতিবাদ

এইসমূহ দখলীকৃত ভূমিত পূৰ্বৰে পৰাই ধান খেতি কৰি পৰিয়াল পোহপাল দি আহিছে একাংশ শ্ৰমিক পৰিয়ালে । বাগিচা কৰ্তৃপক্ষৰ এনে স্বৈৰাচাৰী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভিত হৈ সোমবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ টিংখাং আঞ্চলিক সমিতিয়ে ভুক্তভোগী শ্ৰমিকক লগত লৈ টিংখাং ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (AASAA stages protest in Dibrugarh) ।

প্ৰতিবাদকাৰীয়ে "পূৰ্বৰে পৰা ভোগ দখল কৰি থকা খেতিৰ অধিকাৰ আমাক লাগিবই" "বাগিচা কৰ্তৃপক্ষৰ দাদাগিৰি বন্ধ কৰক ", "তেজ দিম মাটি নিদিওঁ" আদি প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক: Pressmeet of KJSA: যাদৱ কোঁৱৰক ক্ষমা খুজিবলৈ ৪৮ ঘন্টাৰ সময়সীমা দিলে কলিতা জনগোষ্ঠী সন্মিলন অসমে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.