ETV Bharat / state

মৰাণত দোকানৰ ভিতৰতে মৃত্যু এজনৰ - মৃত শৰীৰ

মৰাণত দোকানৰ ভিতৰতে এজনৰ মৃত্যু ৷ ক'ভিডত আক্ৰান্ত হৈ লোকজনৰ মৃত্যু হোৱাৰ সন্দেহত চাঞ্চল্য সৃষ্টি হৈছে অঞ্চলটোত ৷

a-person-in-moran-died-under-shope
মৰাণত দোকানৰ ভিতৰতে মৃত্যু এজনৰ
author img

By

Published : May 14, 2021, 5:38 PM IST

মৰাণ, 14 মে’ : ৰাজ্যত সম্প্ৰতি এতিয়া অব্যাহত আছে ক'ভিডৰ ত্ৰাস । ইয়াৰ মাজতে এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে । মৰাণ আৰক্ষী থানাৰ কাষতে থকা গুলচন মাৰ্কেটৰ অশোক হোটেলৰ গৰাকী আচ্ছেলাল মাহাতো আৰু পুত্ৰ মনোজ মাহাতোৰ মৃতদেহ উদ্ধাৰ হৈছে দোকানৰ ভিতৰত ৷ উল্লেখ্য যে আচ্ছেলাল মাহাতো আৰু পুত্ৰ মনোজ মাহাতো (৩৩) দুয়ো হোটেলতে থকা খোৱা কৰি আছিল ৷

। বিগত তিনিদিন ধৰি মনোজ মাহাতো (৩৩) জ্বৰত আক্ৰান্ত হৈ আছিল বুলি স্থানীয়লোকে জানিবলৈ দিয়ে । যুৱকজনক চিকিৎসালয়লৈ নিবলৈ স্থানীয় লোকে বাৰে বাৰে পৰামৰ্শ দিয়াৰ পিছতো চিকিৎসালয়লৈ নিয়া নাছিল পৰিয়ালৰ লোকে ।

মৰাণত দোকানৰ ভিতৰতে মৃত্যু এজনৰ

স্থানীয়লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ এম্বুলেঞ্চক খবৰ দিয়ে ৷ পিছে, অন্য ৰোগী কঢ়িয়াওৱাত ব্যস্ত থকাত এম্বুলেঞ্চ খালী নথকাৰ বাবে ব্যক্তিগত বাহনক যোগাযোগ কৰে যদিও কৰণা'ৰ ভয়ত কোনো বাহন আগবাঢ়ি নাহে । ফলত ৰাতিপুৱা হোটেলৰ ভিতৰতে মৃত্যু হয় মনোজ মাহাতোৰ ।

জানিব পৰা মতে, বৰ্তমানেও মনোজ মাহাতোৰ মৃতদেহ হোটেলখনৰৰ ভিতৰত আছে । আনহাতে উক্ত ঘটনাক কেন্দ্ৰ কৰিয়েই সম্প্ৰতি গুলচন মাৰ্কেট বন্ধ হৈ আছে । এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে মৰাণত ।

লগতে পঢ়ক : কোভিড পৰিস্থিতি বুজ ল’বলৈ মঙলদৈত উপস্থিত মন্ত্ৰী অশোক সিংঘাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.