ETV Bharat / state

আছুৰ প্ৰতিবাদত উত্তাল মৰাণৰ ৰাজপথ - মন্ত্ৰী যোগেন মহনৰ

ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰীৰ গৃহ সমষ্টিতে পথৰ জৰাজীৰ্ণ অৱস্থা। বিধ্বস্ত পথ মেৰামতিৰ দাবীত মৰাণত সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। ৰাজপথতে মন্ত্ৰী যোগেন মহনৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভ উজাৰিলে সংগঠনটোৱে।

বিধ্বস্ত পথ মেৰামতিৰ দাবীত মৰাণত আছুৰ প্ৰতিবাদ

author img

By

Published : Nov 3, 2020, 5:17 PM IST

মৰাণ, ৩ নৱেম্বৰ: নিৰ্বাচনৰ পূৰ্বে বি জে পিয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি আজিও পূৰণ নহ'ল। পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া বি জে পিয়ে শাসনৰ গাদী দখল কৰাৰ পিছতো নকমিল ৰাজপথৰ আন্দোলন। ৰাজ্যৰ আন ঠাইৰ কথা বাদেই, খোদ ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰীৰ গৃহ সমষ্টি মৰাণত পথৰ বিধ্বস্ত অৱস্থা। বাৰম্বাৰ ৰাইজে আহ্বান জনোৱাৰ পিছতো আজি পৰ্যন্ত জৰাজীৰ্ণ পথসমূহ মেৰামতি কৰাত গুৰুত্ব নিদিলে স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষই।

বিধ্বস্ত পথ মেৰামতিৰ দাবীত মৰাণত আছুৰ প্ৰতিবাদ
বিধ্বস্ত পথ মেৰামতিৰ দাবীত মৰাণত আছুৰ প্ৰতিবাদ

ফলত যাতায়াতৰ নামত যমৰ যাতনা ভূগিবলগীয়া হয় ৰাইজে। উপায়হীন হৈ মঙলবাৰে পথসমূহ মেৰামতি অথবা পুনৰ নিৰ্মাণৰ দাবী জনাই মৰাণত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই। সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বানত চৰাইদেউ জিলাৰ বিধ্বস্ত বাট-পথসমূহ নিৰ্মাণ নকৰাৰ অভিযোগ তুলি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

ৰাজপথতে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰী যোগেন মহনৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে। চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে মৰাণৰ ৰাজপথ। শীঘ্ৰে বিধ্বস্ত পথসমূহ নিৰ্মাণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আছুৰ নেতৃত্বই।

লগতে পঢ়ক:ক্ষেত্ৰীত স্থাপন হ'ব ভাৰত-ইজৰাইল প্ৰকল্পৰ বিশেষ কৃষি কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.