ETV Bharat / state

Emo rearing in Dibrugarh : ডিব্ৰুগড়ৰ এঘৰত বিদেশী পক্ষী ইমুৰ মুক্ত বিচৰণ - Emo bird in Dibrugarh

ডিব্ৰুগড়ত ইমু চৰাই চাবলৈ ভিৰ বিভিন্নজনৰ (Emo bird in Dibrugarh)। জয়দত কোঁৱৰ নামৰ এগৰাকী চাহ খেতিয়কে ঘৰতে পুহিছে বিদেশী পক্ষী ইমু । ১০ বছৰে তেওঁ পোহ-পাল দি ৰাখিছে ইমু দুটা ।

Emo
ডিব্ৰুগড়ৰ এঘৰত বিদেশী পক্ষী ইমুৰ মুক্ত বিচৰণ
author img

By

Published : Nov 25, 2022, 1:03 PM IST

মৰাণ,২৫ নৱেম্বৰ : দুটাকৈ ইমু চৰাইয়ে শুৱনি কৰিছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এঘৰ লোকৰ চোতাল (Emo bird in Dibrugarh)। অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় পক্ষী তথা বিলুপ্তপ্ৰায় ইমু চৰাই চাবলৈ ভিৰ কৰিছে বিভিন্ন জনে । ইমু চৰাই দুটাক পৰিয়ালৰ সদস্যৰ দৰে লালন পালন কৰিছে টিংখাঙৰ সমীপৰ ৰাজগড় ৰাঙলী গাঁৱৰ জয়দত কোঁৱৰে (Dibrugarh man rears emu bird)।

উল্লেখ্য যে বিশিষ্ট চাহ খেতিয়ক জয়দত কোঁৱৰ এগৰাকী প্ৰকৃতিপ্ৰেমী । হাঁহ-কুকুৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন জীৱ-জন্তু ঘৰতে পুহিছে জয়দত কোঁৱৰে । বিভিন্ন জীৱ-জন্তুৰ প্ৰতি থকা মৰমৰ বাবে তেওঁ শোণিতপুৰৰ পৰা ৭৫,০০০ টকা খৰছ কৰি আনিছিল তিনিটাকৈ ইমু চৰাই । ১০ বছৰ ধৰি ইমু চৰাই কেইটা তেওঁ অতি মৰমেৰে ৰাখিছে ।

অৱশ্যে তাৰ এটাৰ ইতিমধ্যে মৃত্যু হৈছে যদিও বাকী দুটাই এতিয়া তেওঁৰ ঘৰ শুৱনি কৰি ৰাখিছে । ইমু দুটা এতিয়া অঞ্চলবাসীৰ নয়নৰ মণি হৈ পৰিছে । প্ৰতিদিনে ইমু কেইটা চাবলৈ বিভিন্ন লোকে তেওঁৰ ঘৰত ভিৰ কৰে । আনকি বিদেশী পৰ্যটকসকলো তেওঁৰ ঘৰলৈ ইমু চৰাই কেইটা চাবলৈ আহে ।

ডিব্ৰুগড়ৰ এঘৰত বিদেশী পক্ষী ইমুৰ মুক্ত বিচৰণ

৭০ বছৰৰ গড় আয়ুসৰ ইমু দুটাৰ বৰ্তমানৰ বয়স প্ৰায় ৭ বছৰ বুলি কোঁৱৰে জানিবলৈ দিছে । আনহাতে সন্তানৰ দৰে লালন-পালন কৰা ইমু দুটাৰ খাদ্যৰ বাবদ মাহে প্ৰায় ৫,০০০ টকা খৰছ কৰে জয়দত কোঁৱৰে । তেওঁ উল্লেখ কৰা মতে ইমুৱে বছৰত প্ৰায় ২০-২২ টাকৈ কণী পাৰে (Benefits of Emo birds)। যাৰ বজাৰ মূল্য ভাৰতত ১২০০-১৪০০ টকা ।

ইফালে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় পক্ষী এই ইমু চৰাই বিভিন্ন দেশত পোৱা যায় । গুৱাহাটীকে ধৰি দেশৰ বিভিন্ন চিৰিয়াখানাতো এই ইমু চৰাই দেখিবলৈ পোৱা যায় । পিছে ডিব্ৰুগড়ৰ লোকজনৰ ঘৰত এনেদৰে বিদেশী চৰাই দুটাই বিশেষ আদৰ লাভ কৰিছে ।

পৰিয়ালৰ সদস্যৰ দৰে জয়দত কোঁৱৰে মৰমেৰে চৰাই দুটাক ৰখা দেখি আপ্লুত হৈছে বিভিন্নজন । অৱশ্যে কণী আৰু মাংসৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ব্যক্তিগতভাৱে বহুলোকে ইমু চৰাই পালন কৰা দেখা গৈছে ।

লগতে পঢ়ক :Assam power tariff hike: উপভোক্তাৰ ওপৰত মাধমাৰ, পুনৰ বৃদ্ধি কৰা হ’ল বিদ্যুৎ মাচুল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.